চীনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এল এ চি)ৰ কাষত কেইবাখনো আদৰ্শ গাঁও নিৰ্মাণ কৰি থকা বুলি খবৰ পোৱাৰ পিছতে ভাৰতীয় সীমান্তৰক্ষী বাহিনী সতৰ্ক হৈ পৰিছে। এখন সৰ্বভাৰতীয় ইংৰাজী কাকতে স্থানীয় বাসিন্দাৰ সূত্ৰৰ উদ্ধৃতি দি এই কথা প্ৰকাশ কৰিছে। নিৰাপত্তাৰক্ষীৰ সূত্ৰ অনুসৰি এই গাঁওসমূহৰ বাহিৰেও অতি শেহতীয়াকৈ সামৰিক শিবিৰ নিৰ্মাণৰ খবৰ পোৱা গৈছিল।
চুবুৰীয়া দেশ দুখন ভাৰত আৰু চীনৰ মাজত ৩৪৮৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এল এ চি তিনিটা ভাগত বিভক্ত — পশ্চিম, মধ্য আৰু পূব। মাজভাগত ডেৰাডুন অঞ্চলৰ এল এ চিৰ সিপাৰে আৰু পূবে অৰুণাচল প্ৰদেশৰ বিপৰীত দিশত ‘ছিয়াওকাং’ নামৰ আদৰ্শ গাঁও অতি দ্ৰুত গতিত নিৰ্মাণ কৰা হৈছে বুলি পৰ্যবেক্ষকসকলে জানিবলৈ দিয়ে। এই গাঁৱৰ ঘৰবোৰ অন্য ঠাইত পকী ব্লক সজাই ট্ৰাকত আনি নিৰ্মাণ কৰা হৈছে। বেছিভাগ ঘৰ বহুমহলীয়া। প্ৰতিখন গাঁৱতে প্ৰায় ২০০ জন লোক থকাৰ ব্যৱস্থা কৰা হৈছে।
সেই অঞ্চলসমূহৰ বাসিন্দাসকলে কয় যে এল এ চিৰ মাজভাগত ৬-৭ কিলোমিটাৰৰ ভিতৰত ‘ছিয়াওকাং’ নিৰ্মাণ কৰা হৈছে। চীনৰ সৈন্যই নতুন নিৰীক্ষণ চকী আৰু চেক প’ষ্টো নিৰ্মাণ কৰিছে। লগতে টহল বৃদ্ধি কৰিছে সীমান্তত ৷ য’ত আগতে দুই-তিনি মাহত এবাৰ টহল দিয়া হৈছিল, এতিয়া এপেষকৰ ব্যৱধানত টহল দিয়া হৈছে।
ইতিমধ্যে অৰুণাচলৰ কামেং অঞ্চলৰ এল এ চিৰ কাষত দুখন গাঁও নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি তুলিছে চীনাসকলে। তাত প্ৰায় ২০০ জন লোকে বসবাস কৰিবলৈ আৰম্ভ কৰিছে। খবৰ অনুসৰি তেওঁলোকৰ নিৰাপত্তাৰ বাবে সেনাৰ চেক পষ্টো স্থাপন কৰা হৈছে।