চীনৰ গোৱাংঝৌ আন্তঃৰাষ্ট্ৰীয় দ্বীপত চালক বিহীন বাছ সেৱা ইতিমধ্যে আৰম্ভ কৰা হৈছে ৷এই বাছখনৰ বিশেষত্ব হ’ল যে –এই বিশেষ বাছত ষ্টিয়েৰিং হুইল ,ব্ৰেক পেডেল আদি নাই আনহাতে ইয়াৰ সৰ্বোচ্চ স্পীড প্ৰতি ঘণ্টাত ৪০কিল’মিটাৰ ৷ কোম্পেনীটোৱে বৰ্তমান মাত্ৰ দুটা পথত এই বাছ সেৱা আৰম্ভ কৰিছে ৷
চীনৰ অট’নমাচ চালক কোম্পেনী ‘ৱি ৰাইড’এ ইতিমধ্যে এই কথা আনু্ষ্ঠানিক ভাৱে ঘোষণা কৰিছে যে এই বাছৰ ষ্টিয়েৰিং হুইল ,ব্ৰেক পেডেল আদি নাথাকে আৰু মানৱ ৰহিত এই বাছবোৰ সম্পূৰ্ণ ৰূপে স্বয়ংপৰিচালিত ৷ প্ৰায় দুবছৰ ধৰি কোম্পানীটোৱে এই দ্বীপটোত ব্যৱসায়িক সেৱা তথা ৰ’ব’টেক্সিৰ সফল সঞ্চালনা কৰি আহিছে আৰু এইবাৰ প্ৰতিষ্ঠানটোৱে মানৱ ৰহিত ‘ৰ’ব’বাছ’ক জনসাধাৰণৰ সুবিধাৰ্থে আগবঢ়াই দিছে ৷