লাডাখত চীনা সেনাই ভাৰতীয় ভূমি দখল কৰি থকা বুলি বিৰোধীয়ে বাৰে বাৰে অভিযোগ উত্থাপন কৰি আহিছে। লাডাখৰ পৰা অৰুণাচল প্ৰদেশলৈ চীনৰ সেনাই অনুপ্ৰৱেশ কৰাৰ অভিযোগো উত্থাপন হৈছে। চীনৰ বিৰুদ্ধে প্ৰত্যক্ষ পদক্ষেপ নহ’লেও আজি কেন্দ্ৰই চীন সীমান্তত ভাৰতৰ নিৰাপত্তা সুদৃঢ় কৰা, আন্তঃগাঁথনি উন্নয়ন আৰু সীমান্তৱৰ্তী গাঁও উন্নয়নৰ বাবে এক ধাৰাবাহিক সিদ্ধান্ত গ্ৰহণ কৰে। চীন সীমান্তত নিয়োজিত হ’ব আইটিবিপিৰ ৯৪০০ জোৱান। লাডাখত সৈন্য আৰু সামগ্ৰী পৰিবহণৰ বাবে নতুন সুৰংগ নিৰ্মাণ কৰা হ’ব। চৰকাৰী সূত্ৰৰ মতে, গলৱান উপত্যকাৰ ভূমি দখলৰ দৰে চীনে ক্ৰমান্বয়ে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষত নিজৰ দখল বৃদ্ধি কৰাত বাধা দিবলৈ এই সিদ্ধান্ত লোৱা হৈছে।
ভাৰত-চীন সীমান্তত নিৰাপত্তাৰ দায়িত্ব দিয়া আই টি বি পিক শক্তিশালী কৰাৰ বাবে ৭টা নতুন বেটেলিয়ন গঠন কৰা হ’ব বুলি আজি সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় কেবিনেটৰ নিৰাপত্তা সমিতিয়ে। অৰ্থাৎ ২০২৫-২৬ চনৰ ভিতৰত চীন সীমান্তত ৯৪০০ জোৱান মোতায়েন কৰা হ’ব। আই টি বি পিৰ এটা নতুন খণ্ডৰ মুখ্য কাৰ্যালয়ো গঠন কৰা হ’ব। লাডাখত দ্ৰুত সৈন্য নিয়োগ কৰাৰ বাবে জান্সকাৰ উপত্যকাৰ পৰা লাডাখ সীমান্তলৈকে পথৰ দূৰত্ব হ্ৰাস কৰাৰ বাবে ৪.১ কিলোমিটাৰ দৈৰ্ঘ্যৰ শ্বিংকু লা সুৰংগ নিৰ্মাণ কৰা হ’ব। এই সুৰংগ-পথটো ২০২৫ চনৰ ডিচেম্বৰৰ ভিতৰত ১৬৮১ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে । বছৰৰ যিকোনো সময়তে এই পথত সৈন্য বা সামগ্ৰী পৰিবহণ কৰিব পাৰিব। ইতিমধ্যে মানালীত অটল সুৰংগ নির্মাণৰ কাম আৰম্ভ কৰা হৈছে। নিমু-পদম-দৰ্চা পথৰ এই সুৰংগটোৰে কম সময়তে লাডাখলৈ যাব পাৰি। আজি সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেই কয় যে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষত চীনা সেনাবাহিনীৰ ওপৰত চকু ৰাখিবলৈ অত্যাধুনিক চোৱাচিতা ব্যৱস্থা প্ৰস্তুত কৰা হৈছে।
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এই সিদ্ধান্তৰ সমান্তৰালভাৱে লাডাখ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, ছিকিম আৰু অৰুণাচলৰ চীন সীমান্তৰ ১৯খন জিলাৰ ২৯৬৬খন গাঁৱত উন্নয়নৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব। জীৱিকা, উপাৰ্জন, যোগাযোগ ব্যৱস্থাৰ অভাৱত বহুবাৰ এই গাঁৱৰ মানুহে কামৰ সন্ধানত আন ঠাইলৈ যায়। কেন্দ্ৰই ভাবে যে ইয়াৰ দ্বাৰা চীনা সেনা লাভৱান হ’ব। কেবিনেটে সিদ্ধান্ত লৈছে যে আগন্তুক চাৰি বছৰত ৪৮০০ কোটি টকা ব্যয় সাপেক্ষে এই গাঁওসমূহত উন্নয়নমূলক কাম কৰা হ’ব। ইয়াৰে ২৫০০ কোটি টকা ব্যয় কৰা হ’ব এই গাঁওসমূহক ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ কৰিবলৈ। মোবাইল ফোন সংযোগ ব্যৱস্থা প্ৰদান কৰি পৰ্যটনকে ধৰি বিভিন্ন ক্ষেত্ৰত উন্নয়েনেৰে গাঁৱৰ ৰাইজৰ জীৱিকা নিৰ্বাহ কৰা হ’ব।
চৰকাৰী সূত্ৰৰ মতে, ২০২০ চনত গালৱানত সংঘাতৰ পিছৰে পৰা চৰকাৰৰ ভিতৰত চীনক লৈ উদ্বেগ বৃদ্ধি পাইছে। সীমান্তৰ সিপাৰে যিদৰে চীনে সামৰিক আৰু আন্তঃগাঁথনি উন্নয়ন কৰিছে, ভাৰতেও আন্তঃগাঁথনি উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আজি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে কয়, “সীমান্তৰ গাঁওসমূহত উন্নয়ন হ’লে স্থানীয় ৰাইজক তাত থাকিবলৈ উৎসাহিত কৰা হ’ব।” চীন সীমান্তৰ ৪৭টা সীমান্ত চকী ইতিমধ্যে অনুমোদন জনোৱা হৈছে। সেই অনুসৰি ৭টা নতুন বেটেলিয়ন গঠনৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ বাবে ১৮০৮ কোটি টকা এককালীন ব্যয়ৰ প্ৰয়োজন হ’ব। প্ৰতি বছৰে ৯৬৩ কোটি টকা অতিৰিক্ত খৰচ হ’ব।