এল এ চি অতিক্ৰমি চীনে ভাৰতৰ ভূখণ্ডত প্ৰৱেশৰ বাবে কৰা চেষ্টাৰ বাবে দেশ দুখনৰ মাজত কেইবাবাৰো সংঘর্ষৰ সুত্ৰপাত ঘটিছে ৷ এইবাৰ চীনে অৰুণাচল প্ৰদেশৰ ১৫ খন স্থানৰ নাম সলনি কৰি জাননী জাৰি কৰা কার্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃ্ষ্টি কৰিছে ৷ চীনৰ এই কার্যক সমালোচনা কৰিছে ভাৰত চৰকাৰেও ৷ দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে চীনৰ এই প্ৰচেষ্টাই এই কথা সলনি কৰিব নোৱাৰে যে অৰুণাচল প্ৰদেশ সদায় ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল আৰু আগলৈয়ো থাকিব ৷ এয়াই প্ৰথম ঘটনা নহয় বুলি প্ৰকাশ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয় যে ইয়াৰ পূর্বে ২০১৭ চনতো চীনে অৰুণাচল প্ৰদেশৰ নাম সলনি কৰিব বিচাৰিছিল ৷ সেই সময়ত চীনে অৰুণাচল প্ৰদেশক দক্ষিণ তিব্বত বুলি অভিহিত কৰিছিল ৷
উল্লেখ্য যে চীনে অৰুণাচল প্ৰদেশত আৰু ১৫ খন স্থানৰ বাবে চীনা আখৰ, তিব্বতীয় আৰু ৰোমান বৰ্ণমালাৰ সংযোজনেৰে নাম ঘোষণা কৰিছে । চীনে অৰুণাচল প্ৰদেশক দক্ষিণ তিব্বতৰ অংশ হিচাপে বৰ্ণনা কৰিছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয়,’ এয়াই প্ৰথম নহয় যে চীনে অৰুণাচল প্ৰদেশৰ ঠাইবোৰৰ নাম সলনি কৰিবলৈ চেষ্টা কৰিছে। চীনে ২০১৭ চনৰ এপ্ৰিলত একে ধৰণে নাম সলনি কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য অংগ আছিল আৰু থাকিব। অৰুণাচল প্ৰদেশৰ ঠাইসমূহৰ নামকৰণে এই সত্যটো সলনি নকৰিব। ‘চীনে নাম সলনি কৰা ১৫ স্থানৰ ভিতৰত আঠখন আৱাসিক স্থান, চাৰিখন পৰ্বত, দুখন নদী আৰু এখন পাহাৰীয়া অঞ্চল আছে।