সীমান্তত অবৈধ ভাৱে চীনে নির্মাণকার্য চলাই অহাৰ বাবে বিভিন্ন সময়ত ভাৰত-চীনৰ মাজত সংঘর্ষৰ সূত্ৰপাত হৈ আহিছে ৷ পূব লাডাখৰ পাংগং হ্ৰদৰ ওপৰতো চীনে অবৈধভাৱে নির্মাণ কৰিছে দলং৷ এই কথা চৰকাৰে সংসদত সদৰী কৰিছে । এক লিখিত উত্তৰত চৰকাৰে কয় “চৰকাৰে পাংগং হ্ৰদত চীনে নিৰ্মাণ কৰা এখন দলঙৰ প্ৰতি লক্ষ্য ৰাখিছে। ১৯৬২ চনৰ পৰা চীনৰ অবৈধ দখলত থকা অঞ্চলত এই দলংখন নিৰ্মাণ কৰা হৈছে ৷ ভাৰত চৰকাৰে কেতিয়াও এই অবৈধ দখল স্বীকাৰ কৰা নাই। চৰকাৰে বিভিন্ন সময়ত স্পষ্ট কৰি দিছে যে জম্মু-কাশ্মীৰ আৰু লাডাখ ভাৰতৰ এক অবিচ্ছেদ্য অংগ ৷”
৮ মিটাৰ বহল এই দলংখন পাংগঙৰ উত্তৰ পাৰত থকা চীনা সেনাৰ ঘাটিৰ ঠিক দক্ষিণে অৱস্থিত ৷ ২০২০ চনত ভাৰত আৰু চীনা সৈন্যৰ মাজত হোৱা হতাহতিৰ সময়ত সামৰিক চিকিৎসালয় আৰু আৱাস প্ৰত্যক্ষ কৰা হৈছিল ৷ সংসদত চৰকাৰে কয় এইবুলিও কয় ” দুয়োখন দেশৰ আলোচনাসমুহত আমাৰ দৃষ্টিভংগী তিনিটা মুখ্য নীতিৰ দ্বাৰা পৰিচালিত হৈ আহিছে আৰু আগলৈয়ো অব্যাহত থাকিব ৷ দুয়োপক্ষই এলএ চিৰ নীতি নিয়ম সন্মান আৰু পৰ্যবেক্ষণ কৰা উচিত ৷ কোনো পক্ষই একপক্ষীয়ভাৱে স্থিতি সলনি কৰাৰ চেষ্টা কৰিব নালাগে আৰু দুয়োপক্ষৰ মাজত হোৱা সকলো চুক্তি সম্পূৰ্ণৰূপে পালন কৰিব লাগিব ৷”
ভাৰত আৰু চীনৰ জ্যেষ্ঠ কমাণ্ডাৰসকলৰ মাজত অন্তিম পৰ্যায়ৰ আলোচনা ১২ জানুৱাৰীত অনুষ্ঠিত হৈছিল। তেওঁলোকে আন সমস্যাসমূহৰ সমাধানৰ বাবে অতি সোনকালে কাম কৰি প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত শান্তি পুনৰ ওভতাই আনিবলৈ মান্তি প্ৰকাশ কৰিছে ৷ চীনে অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইৰ নাম সলনি কৰা সন্দর্ভত কয় যে চৰকাৰে পুনৰ কয় যে উত্তৰ-পূবৰ ৰাজ্যখন ভাৰতৰ এক অবিচ্ছেদ্য অংগ।