মহাকাশলৈ অসামৰিক লোকক প্ৰেৰণ কৰা প্ৰথম দেশ হিচাপে পৰিগণিত হ’ল চীন। ইয়াৰ পূৰ্বে চীন প্ৰশাসনে বহু মহাকাশচাৰীক টিয়াংগং মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে। কিন্তু তেওঁলোক সকলোৱেই আছিল চীনৰ ‘পিপলছ লিবাৰেশ্যন আৰ্মি’ (পিএলএ)ৰ সদস্য।
চীনৰ মহাকাশ গৱেষণা সংস্থাৰ এগৰাকী মুখপাত্ৰই সংবাদ মাধ্যমৰ আগত কয় যে আজি মহাকাশলৈ গুই হাইচাও নামৰ এজন লোকক প্ৰেৰণ কৰা হৈছে। ৩৬ বছৰীয়া গুই বেইজিং ইউনিভাৰ্চিটি অৱ এৰ’নটিক্স এণ্ড এষ্ট্ৰ’নটিক্সৰ অধ্যাপক। মহাকাশত অহা ছমাহৰ ভিতৰত গুই হ’ব পেলোড বিশেষজ্ঞ। মহাকাশলৈ যোৱাৰ পথত গুইৰ সংগী হৈছে চিং হাইপেং আৰু জো ইয়াংচো নামৰ দুজন বিজ্ঞানী। দুয়োজনেই পিএলএৰ সদস্য। চতুৰ্থবাৰৰ বাবে মহাকাশলৈ যাত্ৰা কৰিছে চিঙে।
কালি ছ’চিয়েল মিডিয়াত এটা পোষ্টত গুইয়ে লিখিছে যে তেওঁ এটা সাধাৰণ চীনা পৰিয়ালত ডাঙৰ-দীঘল হৈছে। ২০০৩ চনত এটা ৰেডিঅ’ অনুষ্ঠানত চীনৰ পৰা মহাকাশলৈ অহা প্ৰথমজন ব্যক্তি য়েং লিউৱে নিজৰ মহাকাশ ভ্ৰমণৰ অভিজ্ঞতাৰ কথা শুনিছিল। তেতিয়াৰ পৰাই তেওঁৰ মহাকাশলৈ যোৱাৰ হেঁপাহ আছিল।
২০১১ চনত চীনক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে তেওঁলোকে টিয়াংগং মহাকাশ কেন্দ্ৰ নিৰ্মাণ কৰে। ইয়াৰ উন্নতি আৰু বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা কৰিবলৈ নিয়মীয়াকৈ তিনিজন মহাকাশচাৰীক তালৈ পঠিয়াই দিয়া হয়। গুই আৰু তেওঁৰ সংগীসকলে তেনে এটা অভিযানত অংশ লৈছে ৷