লাডাখৰ ডেমচ ভাৰত-চীন প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ এটা দুৰ্গ। ডোগ্ৰা ৰজাৰ সেনাপতি জোৰাৱাৰ সিংহৰ নাম ইয়াৰ লগত জড়িত। চুচুলৰ কাউন্সিলাৰ কনচাক ষ্টাঞ্জিনে দাবী কৰে যে চীনা সেনাই জোৰাৱৰ দুৰ্গ দখল কৰি তাত তেওঁলোকৰ চোৰাংচোৱা ঘাটি স্থাপন কৰিছে।
কিন্তু এই ঘাটি এতিয়া দখল কৰিবলৈ চেষ্টা কৰিছে চীনে ৷ স্থানীয় এগৰাকী কাউন্সিলাৰ ষ্টেনজিনে এক টুইটত কয় – “২০১০ চনৰ পৰা ২০১২ চনৰ ভিতৰত ৰঙা চীনৰ সেনাই ডেমচত ঘাটি স্থাপন কৰিছে ৷” লেহ জিলাৰ জোৰাৱৰ গড়ত ঘাটি স্থাপন কৰি নতুন ঘাটিও নিৰ্মাণ কৰি আছে। ইয়াৰ পূৰ্বে ষ্টেনজিনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰৰ অঞ্চলত চীনৰ আগ্ৰাসনৰ বিষয়ে পোষ্ট কৰিছিল। যোৱা ফেব্ৰুৱাৰী মাহত তেওঁ টুইট কৰা এনে এখন ছবিত দেখা গৈছিল যে পাহাৰীয়া উপত্যকাৰ এক বৃহৎ অঞ্চলত শাৰী শাৰী দুমহলীয়া ঘৰ নির্মাণ কৰা হৈছে । ফটোখনৰ লগতে ষ্টেনজিনে লিখিছে, ‘চীনে ২০১০-২০১২ চনৰ ভিতৰত ডেমচত এই দুমহলীয়া ঘৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছিল। ইয়াক ‘নিউ কনষ্ট্ৰাকচন এৰিয়া’ (NCA) বুলি কোৱা হয়। ডেমচৰ ভাৰতীয় পক্ষত আৰু লগতে পূব লাডাখৰ সীমান্তৱৰ্তী গাঁওবোৰতো সকলো সা-সুবিধা থকা এনে আন্তঃগাঁথনি নিৰ্মাণ হ’ব বুলি আমি আশা কৰিব পাৰোনে?’
এই দুমহলীয়া ঘৰবোৰ কি? ষ্টেনজিনে এটা পুৰণি পোষ্টত দাবী কৰিছে যে চীনে ২৪ ঘণ্টীয়া বিদ্যুৎ আৰু ৪জি ইণ্টাৰনেট সংযোগেৰে এই ঘৰসমূহ নিৰ্মাণৰ পৰিকল্পনা কৰিছে যাতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয়া অঞ্চলসমূহ নিয়ন্ত্ৰণ কৰিব পাৰে ৷ তিনিবছৰ পূৰ্বে সেই টুইটত ষ্টেনজিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো টেগ কৰিছিল। দৰাচলতে উত্তৰাখণ্ড আৰু অৰুণাচল প্ৰদেশৰ সীমান্তত একেধৰণৰ চীনা গাঁও নিৰ্মাণৰ প্ৰমাণ পোৱা গৈছে।
ষ্টেনজিনৰ এই নতুন দাবীৰ বিষয়ে ভাৰত চৰকাৰ বা সেনাবাহিনীৰ কোনেও এতিয়ালৈকে কোনো কথা কোৱা নাই। কিন্তু ইয়াৰ ফলত ডকলামৰ বিবাদৰ পৰা আৰম্ভ কৰি গালৱান উপত্যকাত সংঘটিত হোৱা ৰক্তাক্ত সংঘৰ্ষৰ বাবে ইতিমধ্যে অস্থিৰ হৈ পৰা ভাৰত আৰু চীনৰ মাজত উত্তেজনা বৃদ্ধি পাবনে নাই সেয়া হ’ব লক্ষ্যণীয়। ষ্টেনজিনৰ মতে চীনে সীমান্তত নিৰৱে আন্তঃগাঁথনি নিৰ্মাণ কৰি আছে। ভাৰতেও একেদৰেই আন্তঃগাঁথনি নিৰ্মাণ কৰা উচিত। এখন বাতৰি কাকতত তেওঁ কয় –“ লাডাখৰ দুৰ্গম অঞ্চলত যি ঘটি আছে সেই কথা মূলসুঁতিৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা নাই। চীনে ক্ৰমান্বয়ে আমাৰ অঞ্চলটো দখল কৰি আছে।” আনহাতে ভাৰত আৰু চীনৰ প্ৰতিনিধিয়ে আজি সিদ্ধান্ত লৈছে যে লাডাখৰ সংঘাতৰ স্থানত ভাৰত আৰু চীনৰ সেনাবাহিনীৰ সমস্যা সন্দৰ্ভত দুয়োখন দেশৰ সেনাই ক্ষীপ্ৰতাৰে আলোচনা কৰিব।