পৰিয়ালৰ সৈতে এটা সুখৰ জীৱন কটাব সকলোৱে বিচাৰে ৷ কিন্তু চীনৰ এজন ব্যক্তিয়ে ১৪ বছৰ ধৰি পৰিয়ালৰ পৰা আতঁৰত থাকি জীৱন নির্বাহ কৰি নিজকে সুখী অনুভৱ কৰি আহিছে ৷ এটা বিমানবন্দৰতে তেওঁ বিগত ১৪ বছৰে অকলে জীৱন নির্বাহ কৰি আছে ৷ চীনৰ এই ব্যক্তিজনে এনেদৰে পৰিয়ালৰ পৰা দুৰত থাকি বিমানবন্দৰত জীৱন কটোৱাৰ কাৰণ জানিলে আপুনিও হ’ব আচৰিত ৷ কোনো বাধা নোহোৱাকৈ ধূম্ৰপাণ আৰু মদ্যপান কৰাৰ আকাংক্ষা পুৰণ কৰাৰ বাবেই তেওঁ এনেদৰে পৰিয়ালৰ পৰা দুৰত বাস কৰি আহিছে ৷ বিমানবন্দৰটোত ১৪ বছৰে বাস কৰি অহা এই ব্যক্তিজন হৈছে ৬০ বছৰীয়া ৱেই জিয়ানগুঅ’৷ ২০০৮ চনৰ পৰা বেইজিং কেপিটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টার্মিনেল ২ ত তেওঁ বাস কৰি আহিছে ৷
চীন ডেইলীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৱেই প্ৰকাশ কৰা অনুসৰি তেওঁ ৪০ বছৰ বয়সত চাকৰিৰ পৰা বৰ্খাস্ত হৈছিল ৷পৰৱর্তী সময়ত বয়স বেছি হোৱাৰ বাবে বাবে তেওঁ চাকৰি লাভ কৰাত ব্যর্থ হৈছিল ৷ তেওঁ প্ৰকাশ কৰা অনুসৰি নিতৌ পুৱা বজাৰলৈ গৈ সিজোৱা গাহৰিৰ মাংস খায় ৷ দুপৰীয়াৰ আহাৰৰ বাবে কিছু খাদ্য আৰু স্থানীয় সুৰা বাইজুৰ বটল ক্ৰয় কৰি পুনৰ বিমানবন্দৰলৈ ওভতি আহে ৷ তেওঁ লগতে কয়, “মই ঘৰলৈ উভতি যাব নোৱাৰো কাৰণ তাত মোৰ কোনো স্বাধীনতা নাই। মই ধূমপান আৰু সুৰাপান ত্যাগ কৰিলেহে পৰিয়ালৰ সৈতে থাকিবলৈ দিম বুলি কৈছে ৷ । যদি মই সেইটো কৰিব নোৱাৰো, তেনেহ’লে তেওঁলোকক মোৰ সকলো মাহিলী চৰকাৰী ভাট্টা ১০০০ ইউয়ান (১৫০ ডলাৰ) দিব লাগিব। কিন্তু তেতিয়া মই মোৰ চিগাৰেট আৰু সুৰা কেনেকৈ কিনিম?”
২০১৭ চনত বিমানবন্দৰ কৰ্তৃপক্ষই ৱেইক সেই স্থান এৰি যাবলৈ কৈছিল ৷আৰক্ষীয়ে আনকি তেওঁক বিমানবন্দৰৰ পৰা ২০ কিলোমিটাৰ দূৰত থকা তেওঁৰ ঘৰলৈ লৈ গৈছিল। অৱশ্যে, তেওঁ কেইদিনমানৰ ভিতৰতে পুনৰ বিমানবন্দৰলৈ ওভতি আহিছিল ৷ বিমানবন্দৰলৈ আহি তেওঁ কৈছিল যে “মোক ঘৰৰ পৰা উলিয়াই দিলে আৰু মই পুনৰ ওভতি আহিলো ৷ অন্ততঃ বিমানবন্দৰত মোৰ স্বাধীনতা আছে।”