জল্পনা-কল্পনাই সঁচা হ’ল। নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনত অংশগ্ৰহণ নকৰে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং ৷ সোমবাৰে চীনে আনুষ্ঠানিকভাৱে ঘোষণা কৰে এই কথা । ইয়াৰ পৰিৱৰ্তে চীনৰ প্ৰতিনিধি হিচাপে এই সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী লি কিয়াং ।
চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিঙে সোমবাৰে এক বিবৃতি প্ৰকাশ কৰি কয় , ‘নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ১৮ সংখ্যক জি-২০ সন্মিলনত অংশগ্ৰহণৰ বাবে ভাৰতলৈ আমন্ত্ৰণ জনোৱা হৈছে। ৰাজ্যিক পৰিষদৰ মুৰব্বী লি কিয়াঙে এই সন্মিলনত অংশগ্ৰহণ কৰিব।’ অৱশ্যে জি জিনপিং ভাৰতলৈ কিয় নাহে তাৰ কাৰণ চীনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্ট কৰা নাই। প্ৰথম অৱস্থাত বিশ্বাস কৰা হয় যে, ভাৰতৰ সৈতে সীমা সংঘাতৰ পৰিৱেশত জি জিনপিঙে নতুন দিল্লীলৈ নাহি আনুগত্যবাদী লি কিয়াঙক পঠিয়াইছে।
২ ছেপ্টেম্বৰত বেইজিঙে কূটনৈতিক মাধ্যমেৰে নতুন দিল্লীক জনাইছিল যে জি-২০ৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ জিংপিং দিল্লীলৈ নাহে ৷ অৱশ্যে ইমান দিনে এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা হোৱা নাছিল
নতুন দিল্লীত ২০খন দেশৰ ৰাষ্ট্ৰপতিৰ সৈতে জি-২০ শীৰ্ষ সন্মিলনৰ বৈঠক। ৯ আৰু ১০ ছেপ্টেম্বৰত দুদিনীয়া এই সন্মিলনত অংশগ্ৰহণ কৰিব ২০খন দেশৰ শীৰ্ষ প্ৰতিনিধিয়ে। সদস্য ৰাষ্ট্ৰ হ’লেও ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাদিমিৰ পুটিন এই সন্মিলনত শাৰীৰিকভাৱে উপস্থিত নাথাকে। ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে তেওঁ সভাত উপস্থিত থাকিব পাৰিব। ৰাছিয়াৰ প্ৰতিনিধি হিচাপে ভাৰতলৈ আহিব বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভ।