বিশ্বৰ আগশাৰীৰ নেতাসকলৰ ভিতৰত অন্যতম হৈছে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে ৷ শেহতীয়াকৈ চীনৰ তৃতীয় গৰাকী ৰাষ্ট্ৰপতি হিচাপে পূনৰ নির্বাচিত হৈছে ৷ মাও চে টুঙৰ পিছত চীনৰ আটাইতকৈ শক্তিশালী শাসক হিচাপে তেওঁ বিবেচিত হৈছে ৷ কিন্তু বহুতে নাজানে যে চীনৰ ৰাষ্ট্ৰপতিগৰাকীৰ আছে কেবল প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা ৷
This is a famous video on the Chinese web, Mao Zedong's secretary, Mr. Li Rui, recalled his interaction with Xi Jinping and exposed that Xi Jinping only has an elementary school education.#TheGreatTranslationMovement pic.twitter.com/GsI1FVoVQZ
— The Great Translation Movement 大翻译运动官方推号 (@TGTM_Official) October 27, 2022
চীনৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত চেডঙৰ সচিব লি ৰুইয়ে জি জিনপিঙৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত এই কথা উল্লেখ কৰিছে ৷
এটা ভাইৰেল ভিডিঅ”ত লি ৰুইয়ে কয় –“ তেওঁ (জি জিনপিং) মোক ৰাতিৰ আহাৰ খাবলৈ মাতিছিল ৷ মই ক’লোঁ, আপুনি এতিয়া বেলেগ মর্যদাত আছে, আপুনি কিবা এটা উদ্দেশ্যত কিছু মন্তব্য কৰিব পাৰে ৷ আপোনাৰ কিছুমান মতামত থাকিব পাৰে ৷ তেওঁৰ মাত্ৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা আছে।’-
চীনৰ শাসকীয় কমিউনিষ্ট পাৰ্টিৰ অভিলেখ সৃষ্টিকাৰী তৃতীয় পাঁচ বছৰীয়া কাৰ্যকালৰ বাবে পুনৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হোৱা জি জিনপিঙে প্ৰতিদ্বন্দ্বীসকলক নিৰ্মূল কৰি দলীয় বয়োজ্যেষ্ঠসকলৰ দীৰ্ঘস্থায়ী প্ৰভাৱক ম্লান কৰি নিজৰ স্থিতি অধিক সবল কৰি তুলিছে ৷