লাইন অৱ একচুৱেল কন্ট্ৰ’ল অতিক্ৰমি সময়ে সময়ে ভাৰতীয় ভূমিত প্ৰৱেশ কৰি আহিছে চীনা সৈন্যই ৷ যোৱা ২৮ জানুৱাৰীত পুনৰ ভাৰতীয় ভূখণ্ডত চীনৰ পি এল এৰ জোৱানে প্ৰৱেশ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ নিয়মাৰ ব্লক ডেভেলপমেণ্ট অধ্যক্ষ উৰ্গেইন চড’নে প্ৰকাশ কৰা অনুসৰি ২৮ জানুৱাৰীত চীনা সৈন্যই ভাৰতৰ ভূ খণ্ডত চীনা সৈন্যই প্ৰৱেশ কৰি স্থানীয় লোকসকলক অঞ্চলটোত ভেড়া চৰাবলৈ বাধা প্ৰদান কৰাৰ লগতে তেওঁলোকক তাৰ পৰা খেদি পঠিয়াই ৷ তেওঁ ডগবুক নামৰ এটা চৰণীয়া অঞ্চলত সংঘটিত পি এল এৰ আগ্ৰাসনৰ ঘটনাৰ ৪৫ ছেকেণ্ডৰ এটা ভিডিঅ’ টুইট কৰে।
ভিডিঅ’টো আপল’ড কৰি চড’নে টুইটাৰত এইদৰে কয় “২৮ জানুৱাৰীত পিএলএ সেনা আমাৰ অঞ্চললৈ আহে আৰু স্থানীয় লোকসকলক নিজৰ দেশৰ ভূখণ্ডতে ভেড়া চৰোৱাত বাধা প্ৰদান কৰে ৷ কিন্তু আমাৰ নিৰাপত্তা বাহিনীৰ পৰা কোনো ব্যৱস্থা লোৱা হোৱা নাছিল ৷ ইয়াৰ বিপৰীতে ভেড়াৰ জাকটো আনিবলৈ যোৱা স্থানীয় দুজন লোকক আটক কৰি ভাৰতীয় সেনাই আৰক্ষী থানালৈ প্ৰেৰণ কৰিছে ৷ “
আন এক টুইটযোগে চড’নে কয় যে ২৬ জানুৱাৰীত চাংলাম অঞ্চলতো সংঘটিত হৈছিল একেই ঘটনা ।এজন স্থানীয় লোকে তেওঁৰ ১৭ টা য়াক ওভতাই আনিবলৈ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰিছিল। উভতি অহাৰ সময়ত ভাৰতীয় সেনাই তেওঁক আটক কৰে আৰু আৰক্ষী চকীলৈ প্ৰেৰণ কৰে ৷ অধ্যক্ষজনে কয় “মই নিজেই স্থানীয় লোকজনক ঘূৰাই আনিবলৈ নিয়মা আৰক্ষী চকীলৈ গৈছিলো। যদিও চোৰাংচোৱাৰ লোকসকলে আটক কৰা লোকজন স্থানীয় বুলি প্ৰকাশ কৰা সত্বেও সেনাই বিশ্বাস কৰা নাছিল আৰু তেওঁক আৰক্ষী চকীলৈ প্ৰেৰণ কৰিছিল ৷ “