শিশুৰ পৰা বৃদ্ধলৈ বহুলোকৰে প্ৰিয় হৈছে চিপচ্ । আইচক্ৰীমৰ ক্ষেত্ৰতো একেই কথা। আন কোনোবাই আইচক্ৰীম খোৱা দেখি বহুতে হেঁপাহ চম্ভালিব নোৱাৰে। শৰীৰৰ বাবে অপকাৰী বুলি জানিও বহুতে চিপচ্ অথবা আইচক্ৰীম নোখোৱাকৈ থাকিব নোৱাৰে ৷ কিন্তু আপোনাৰ এইক্ষেত্ৰত দোষ নাই। শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে ‘আল্ট্ৰা প্ৰচেছড ফুডছ’ বা চিপচ বা আইচক্ৰীমৰ দৰে ইউ পি এফ ড্ৰাগছতকৈ কম নিচাযুক্ত নহয়।
চিপচ বা আইচক্ৰীম খালে মানুহৰ শৰীৰত কোকেইন বা হেৰ’ইনৰ দৰে ড্ৰাগছৰ দৰেই প্ৰভাৱ পৰিব পাৰে। এই বিষয়ত ৩৬খন দেশত ২৮১টাতকৈও অধিক অধ্যয়ন কৰা হৈছে। দেখা গৈছে যে ১৪ শতাংশতকৈ অধিক লোক এই ধৰণৰ নিচাৰ প্ৰতি আসক্ত। কেৱল চিপচ বা আইচক্ৰীম নহয়, এই তালিকাত চচ্চেজ, কেক, বিস্কুট, শীতল পানীয় আৰু কৃত্ৰিম চেনিযুক্ত খাদ্যও অন্তৰ্ভুক্ত কৰা হৈছে। যিয়ে কেন্সাৰ, ডিপ্ৰেছন আদি ৰোগত অনুঘটক হিচাপে কাম কৰে।
এই গৱেষণাৰ নেতৃত্বত আছে ইউনিভাৰ্চিটি অৱ মিচিগানৰ শিক্ষয়িত্ৰী তথা গৱেষক য়েল ফুড এডিকচন স্কেলৰ প্ৰতিষ্ঠাপক এছলী গিয়াৰহাৰ্ট। তেওঁলোকৰ গৱেষণা ‘দ্য বি এম জে’ আলোচনীত প্ৰকাশ পাইছে। এছলীৰ মতে এনে ‘ইউ পি এফ’ খাদ্য দেখিলে নিজকে সংযত কৰিব নোৱাৰাটো প্ৰয়োজনতকৈ বেছি খোৱাৰ ফল কেতিয়াও ভাল নহয়। এই খাদ্যবোৰে শৰীৰত ড’পামিন নামৰ হৰম’ন এটাক উদ্দীপিত কৰে। যাৰ ফলত এনে খাদ্য খোৱাৰ প্ৰৱণতা বৃদ্ধি পায়। ঠিক মদ বা ড্ৰাগছৰ আসক্তিৰ দৰেই। কিন্তু ‘আল্ট্ৰা প্ৰচেছড ফুড’ সকলোৰে বাবে একে ধৰণে কাম নকৰে। অৱশ্যে কেইটামান চিপচ খাই আৰু খাবলৈ মন নগৰে বহু লোক।