অসমৰ চুবুৰীয়া ৰাজ্য ছিকিমত উদ্ধাৰ হৈছে ৪২ টাকৈ অসমৰ শিশু। অৱশেষত অসমত শিশু সৰবৰাহকাৰীৰ ভয়ংকৰ ছবিখন পোহৰলৈ আহিল।অসম আৰক্ষীয়ে মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে চলোৱা এক অভিযানত অসমৰ ৪২ টাকৈ শিশু উদ্ধাৰ ঘটনাই এতিয়া অসমৰ দৰিদ্ৰ শিশুসকলৰ অৱস্থাৰ সঁচা ছবিখন প্ৰতিফলিত কৰিলে।
বিগত সময়ত অসমত মানৱসৰবৰাহকাৰীৰ পৰা দুই এক শিশু উদ্ধাৰ হোৱা ঘটনা পোহৰলৈ আহিছিল যদিও এনেকৈ ৪২ টা শিশু উদ্ধাৰ হোৱা ঘটনা এইয়া প্ৰথম। তেনেক্ষেত্ৰত অসম আৰক্ষীৰ এইয়া এক বৃ্হৎ সফলতা বুলি নিশ্চিতকৈ ক‘ব পাৰি।
আৰক্ষীৰ তথ্য অনুসৰি ভাৰত-ভূটান সীমান্তৰ চিৰাং জিলাৰ চাৰিখনকৈ গাঁৱৰ পৰা এই শিশু সকলক সৰবৰাহ কৰা হৈছিল। ফুচুলাই নি বিক্ৰী কৰা এই শিশু সকলৰ বয়স ৮ ৰ পৰা ১৮ বছৰৰ ভিতৰত আৰু ইয়াৰ ভিতৰত এজনী ৯ বছৰীয়া ছোৱালীও আছে।
মানৱসৰবৰাহকাৰীয়ে ছিকিমৰ আৱাসিক বিদ্যালয়ত থকা- খোৱাৰ ব্যৱস্থা কৰি দিয়াৰ আশ্বাস দি শিশু কেইটিক লৈ গৈছিল বুলিও প্ৰকাশ কৰিছে আৰক্ষীয়ে। আনকি ডুবাই পৰ্যন্ত চালান দিয়াৰ তথ্যও উদ্ধাৰ কৰিছে আৰক্ষীয়ে।
ইতিমধ্যে অসম আৰক্ষীয়ে দুটা বছৰ ধৰি মানৱ সৰবৰাহৰ দৰে ব্যৱসায় কৰি অহা কৃষ্ণ যোগী নামৰ অপৰাধীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। অপৰাধী যোগীয়ে ডুবাই পৰ্যন্ত এনেদৰে শিশু চালান দিয়া কথা ইতিমধ্যে স্বীকাৰ কৰিছে।
অসম আৰক্ষীৰ শীৰ্ষ বিষয়া এল আৰ বিষ্ণই চিৰাং জিলাৰ আৰক্ষী অধীক্ষকৰ প্ৰচেষ্টাত অসম আৰক্ষীয়ে ছিকিম আৰক্ষীৰ সহযোগত ছিকিমৰ বিভিন্ন অঞ্চলৰ পৰা এই শিশু কেইটা উদ্ধাৰ কৰে বুলি উল্লেখ কৰে। অসমৰ পৰা নিয়া এই শিশু সকলক ছিকিমৰ বিভিন্ন ঘৰত লগুৱা হিচাপে নিযোগ কৰা হৈছিল বুলিও কয় আৰক্ষী বিষয়াজনে।
অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যেতি মহন্তই ছিকিমৰ কোনো কোনো অঞ্চলত এতিয়াও আৰু ৩০ টা শিশুয়ে এনেকৈ কাম কৰি থকাৰ কথা ব্যক্ত কৰিছে। ইফালে উদ্ধাৰ কৰা শিশু কেইটাক খানাপাৰা প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়লৈ অনাৰ পিছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ,বি টি চি ৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ,অসম আৰক্ষীৰ সঞ্চালক ভাস্কৰজ্যেতি মহন্তই শিশু কেইটিক লগ ধৰি মত বিনিময় কৰে।
চিৰাং জিলাৰ ৰুণীখাটকে ধৰি ভাৰত-ভূটান সীমান্তৰ পৰা নিয়া এই শিশু কেইটাৰ বেছিভাগ আদিবাসী সম্প্ৰদায়ৰ হোৱাৰ লগতে কোঁচ-ৰাজবংশী সম্প্ৰদায়ৰ আছে বুলিও জানিবলৈ দিয়ে।মুখ্যমন্ত্ৰীৰ মতে এজন অপৰাধীক ধৰাৰ উপৰিও এই সমগ্ৰ চক্ৰটোৰ লগত আৰু এজন ব্যক্তি জড়িত আছে । অতি শীঘ্ৰে সেইজন অপৰাধীকো অৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ‘ব বুলি ক‘য়।
ইফালে গ্ৰেপ্তাৰ হোৱা কৃষ্ণ যোগীয়ে মুঠ ৮০ টা শিশুক ছিকিমলৈ নিয়াৰ কথা স্বীকাৰ কৰিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সদ্যহতে উদ্ধাৰ হোৱা শিশু কেইটাক কোকৰাঝাৰৰ প্ৰশান্তি লজ আৰু হোটেলত ৰখাৰ কথা কৈছে যদিও শিশু কেইটিয়ে ঘৰতে থাকি পঢ়া-শুনা কৰিব বিচাৰিলে চৰকাৰে সকলো খৰচ বহন কৰাৰ কথা উল্লেখ কৰিছে। অৱশ্যে চৰকাৰে ভৱিষ্যতলৈ শিশু কেইটাৰ কি ব্যৱস্থা কৰিব সেইয়া পিছত ঠিৰাং কৰিব বুলি কয়।