কানাডাত অত্যন্ত সংক্ৰামক ৰোগত আক্ৰান্ত হৈছে হৰিণ ৷ কানাডাৰ দুখন প্ৰদেশ ক্ৰমে আলবাৰ্টা আৰু চাচকটছাৱানত বিয়পি পৰিছে ক্ৰনিক ওৱাষ্টিং ডিজিজ (চি ডব্লিউ ডি) ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ (চিডিচি) মতে, চি ডব্লিউ ডি জন্তুৰ বাবে মাৰাত্মক ৷ এই ৰোগৰ কোনো চিকিৎসা অথবা ভেকছিন নাই ৷
ভাইচ ৱৰ্ল্ড নিউজৰ মতে, ১৯৬০ ৰ দশকত প্ৰথমে আমেৰিকা যুক্তৰাষ্ট্ৰত এই ৰোগৰ সংক্ৰমণ ধৰা পৰিছিল ৷ পিছলৈ কলোৰাডো, ওকলাহোমা, কানছাছ, নেব্ৰাস্কা, মিনেচ’টা, উইচকনচিন, দক্ষিণ ডাকোটা আৰু মণ্টানালৈ এই ৰোগ বিয়পি পৰিছিল। ৰোগবিধ এতিয়ালৈকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ২৬ খন ষ্টেটত পোৱা গৈছে। কানাডাৰ চাচকটছাৱান ১৯৯৬ চনত প্ৰথমবাৰৰ বাবে বনৰীয়া হৰিণৰ শৰীৰত ধৰা পৰিছিল ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ সংক্ৰমিত হৰিণ ভক্ষণ কৰিলে চি.ডব্লিউ.ডি. মানৱ শৰীৰলৈ বিয়পিব পাৰে। যাৰ বাবে চিকাৰীসকল অধিক অসুৰক্ষিত হৈ পৰিছে ৷
স্বাস্থ্য বিশেষজ্ঞসকলে প্ৰকাশ কৰে যে চি ডব্লিউ ডিৰ ফলত সংক্ৰমিত জন্তুটোৱে ইয়াৰ মগজুৰ নিয়ন্ত্ৰণ হেৰুৱায়। কানাডিয়ান খাদ্য পৰিদৰ্শন সংস্থাৰ দ্বাৰা তালিকাভুক্ত লক্ষণ অনুসৰি, চি ডব্লিউ ডি-ৰ দ্বাৰা সংক্ৰমিত জন্তুৰ অতিৰিক্ত লেলাৱতি, অস্বাভাৱিক আচৰণ, অত্যাধিক প্ৰস্ৰাৱ আৰু ওজন হ্ৰাস হয় ৷