অৱশেষত চিআইডিৰ জালত পৰিল বজালীৰ উপ – আৰক্ষী অধীক্ষক পুস্কল গগৈ ৷ চুপাৰী চিণ্ডিকেট চক্ৰৰ পৰা ধন লোৱাৰ অভিযোগত চিআইডিয়ে আটক কৰিছিল গগৈক ৷ কালি দিনৰ ভাগৰে পৰা সোধাপোচা কৰাৰ অন্তত নিশাৰ ভাগত পুস্কলক গ্ৰেপ্তাৰ কৰা হয় ৷ ইতিমধ্যে এই গোচৰটোত বজালীৰ প্ৰাক্তন অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱালক গ্ৰেপ্তাৰ কৰা হৈছে ৷ তদুপৰি গায়ত্ৰীৰ স্বামী ববী সিং আৰু কিশোৰ বৰুৱা নামৰ আন এজন লোককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷
উল্লেখ্য যে এটা চুপাৰী চণ্ডিকেট চক্ৰৰ পৰা বজালী আৰক্ষীৰ এছপি, ডিএছপি ,দুজন এছআইসহ একাধিক বিষয়া –জোৱানে কোটি কোটি টকা দাবী কৰে ৷ পৰৱর্তী সময়ত এই সন্দর্ভত চিআইডিত এটা গোচৰ ৰুজু কৰে ৷ এই গোচৰতে আজি ডিএছপি পুস্কলক গ্ৰেপ্তাৰ কৰা হয় ৷
গোচৰটোৰ সন্দর্ভত বজালীৰ তদানীন্তন আৰক্ষী অধীক সিদ্ধার্থ বুঢ়াগোহাঞিক চিআইডিয়ে জেৰা অব্যাহত ৰাখিছে ৷ শীঘ্ৰে চিআইডিয়ে আৰক্ষী অধীক্ষকজনকো গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে ৷ ইপিনে ধৃত গায়ত্ৰীক আজি পুৱা চিআইডি কার্যালয়লৈ অনা হৈছে ৷ তেওঁক আজি চিআইডিয়ে পুনৰ জেৰা চলাব ৷