ইতিহাস সৃষ্টি কৰি ভাৰতবৰ্ষত প্ৰথম বাৰৰ বাবে ৯ জনকৈ উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি নিযুক্ত হ’ল। ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্নাই মংগলবাৰে পুৱা ৩ গৰাকী মহিলাকে ধৰি মুঠ ৯ গৰাকীক একেলগে উচ্চতম ন্যায়ালয়ত বিচাৰপতি হিচাপে নিযুক্তি প্ৰদান কৰে।
চুপ্ৰিম কৰ্টৰ সভাকক্ষত অনুষ্ঠিত হোৱা এক সভাত মুখ্য ন্যায়াধীশ ৰামানে ৯ জনকে বিচাৰপতি হিচাপে নিযুক্তি প্ৰদান কৰি শপত বাক্য পাঠ কৰায়।
চুপ্ৰিম কৰ্টৰ নতুন শক্তি হৈ পৰিছে এই ৯ গৰাকী বিচাৰপতি।উল্লেখ যোগ্য যে ইয়াৰ পূৰ্বে ভাৰত চৰকাৰে এনেকৈ একেলগে ৯ জন বিচাৰপতি নিয়োগ কৰা হোৱা নাছিল।
তিনিগৰাকী মহিলাসহ এই ৯ গৰাকী বিচাৰপতিৰ ভিতৰত বি ভি নাগাৰত্নাই ২০২৭ চনত ভাৰতৰ মুখ্য ন্যায়াধীশ আৰু বিচাৰক অভয় শ্ৰীনিভাছ ওকা এই ৯ জন বিচাৰপতিৰ ভিতৰত জেষ্ঠ বিচাৰপতিৰ দৌৰত চামিল হৈ আছে।
জেষ্ঠতাৰ ওপৰত ভিত্তি কৰি এই তালিকাত থকা বাকী সকল বিচাৰক হৈছে গুজৰাট উচ্চ ন্যায়ালয়ৰ মুখ্য বিচাৰক বিক্ৰম নাথ,চিকিম উচ্চ ন্যায়ালয়ৰ মুখ্য বিচাৰপতি জে কে মহেশ্বৰী,টেলেংগনা উচ্চ ন্যায়ালয়ৰ মুখ্য বিচাৰপতি হিমা কোহলি,কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ বিচাৰপতি বি ভি নাগাৰাথান,কেৰেলা উচ্চ ন্যায়ালয়ৰ বিচাৰক চি টি ৰবি কুমাৰ, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ এম এম সুন্দৰেশ,গুজৰাট উচ্চ ন্যায়ালয়ৰ বেলা ত্ৰিবেদী, আৰু জেষ্ঠ উকিল পি এচ নৰসিংহা।