পুনৰ মণিপুৰত বৃদ্ধি পাইছে হিংসাত্মক ঘটনা। আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ জিলাৰ সমীনাত বিগত ২৪ ঘন্টাত এজন আৰক্ষী সহ চাৰিজন লোকক নিহত হৈছে ৷ অঞ্চলটোত হোৱা গুলীচালনাত লোককেইজনৰ মৃত্যু হয় ৷ নিহতসকলৰ ভিতৰত এজন কিশোৰো আছে।
বিগত দুমাহ ধৰি হিংসাত্মক পৰিস্থিতিৰ বাবে এই দুখন জিলাৰ সীমান্ত উত্তপ্ত হৈ আহিছে। জিলা দুখনৰ সীমান্তত সেনা আৰু নিৰাপত্তা বাহিনীৰ তীব্ৰ সতৰ্কতাৰ মাজতো বাৰে বাৰে আক্ৰমণ সংঘটিত হৈছে। সেনাৰ সূত্ৰ অনুসৰি পাহাৰীয়া পথেৰে এই জিলা দুখনত দুস্কৃতিকাৰীয়ে প্ৰৱেশ কৰিছে। ইয়াৰ পিছত হিংসাৰ নতুন নতুন ঘটনা সংঘটিত হৈছে। শুকুৰবাৰে নিশা দুয়োখন জিলাৰ সীমান্তৰ দুয়োফালৰ পৰা গোপনে প্ৰৱেশ কৰে দুষ্কৃতিকাৰী। ইয়াৰ পিছত নতুন সংঘৰ্ষৰ সৃষ্টি হয়।
সেনাৰ সূত্ৰ অনুসৰি দুষ্কৃতিকাৰীয়ে কেইবাটাও ঘৰত জুই লগাবলৈ চেষ্টা চলাইছিল। কিন্তু নিৰাপত্তা বাহিনীয়ে তেওঁলোকক বাধা দিয়ে ৷ অৱশ্যে কাংভাই, ছংডো আৰু আৱাং কেকাই গাঁৱত গুলীয়াগুলী অব্যাহত আছে । শুকুৰবাৰে নিশা আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ পৰা এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি কেইবাটাও স্থানত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। কোনো কোনো ঠাইত গুলীচালনা হৈছে। কিন্তু প্ৰায়বোৰ জিলাতে পৰিস্থিতি স্বাভাৱিক।
আনহাতে, শুকুৰবাৰে মণিপুৰ আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীয়ে যৌথ অভিযান আৰম্ভ কৰে। ইম্ফল পূৱ, পশ্চিম, চুৰাচান্দপুৰ, বিষ্ণুপুৰ, কাকচিং জিলাত যুটীয়া বাহিনীয়ে ১৮টা দুষ্কৃতিকাৰী আৰু উগ্ৰপন্থীৰ বাংকাৰ ধ্বংস কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি যোৱা ২৪ ঘন্টাত ৫০টা বাংকাৰ ভাঙি পেলোৱা হৈছে। এই অভিযানত ৫টা স্বয়ংক্ৰিয় অস্ত্ৰ, ৭৪টা গুলী আৰু ৫টা অতিশয় শক্তিশালী হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰা হৈছে।