প্ৰৱল বৰষুণৰ ফলত পুনৰ ক্ষতিগ্ৰস্ত হৈছে হিমাচল প্ৰদেশ। বুধবাৰে পুৱা ৰাজ্যৰ চুবাথুত হঠাৎ হোৱা ধাৰাসাৰ বৰষুণৰ ফলত অঞ্চলটোত ভূমিস্খলন হয়। অতি কম সময়ৰ ভিতৰতে সমগ্ৰ অঞ্চলটো পানীত ডুব যায়। কেইবাখনো গাড়ী উটুৱাই লৈ যায় বাঢ়নী পানীয়ে। এই ঘটনাত কোনো লোক আহত হৈছে নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই যদিও স্থানীয় ৰাইজে কেইবাটাও ঘৰ ভাঙি যোৱাৰ আশংকা কৰিছে।
ইতিমধ্যে হিমাচলৰ পাণ্ডো বান্ধ পথৰ সমীপত ২১ নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰিছে । ফলত মাণ্ডীৰ পৰা কুল্লুলৈ পথৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। জিলা প্ৰশাসনৰ মতে, ভূমিস্খলনৰ বাবে ৰাজ্যৰ বহু পথ এতিয়াও বন্ধ হৈ আছে। ইয়াৰ মাজতে বতৰ বিজ্ঞান বিভাগে জনাইছে যে আগন্তুক কেইদিনমানৰ বাবে হিমাচলত প্ৰচণ্ড বৰষুণ অব্যাহত থাকিব। এই সন্দৰ্ভত ৰাজ্যৰ ৮খন জিলাক সতৰ্ক কৰি দিয়া হৈছে। উত্তৰাখণ্ডৰ ডেৰাডুন, তেহৰী, নাইনিতালকে ধৰি মুঠ ৭খন জিলা ৰেড এলাৰ্টত ৰখা হৈছে।
বুধবাৰ আৰু বৃহস্পতিবাৰে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমাচল ৰাজ্য প্ৰশাসনে। বিলাসপুৰ, হামিৰপুৰ, কুল্লু, মাণ্ডী, শিমলা, সোলান আদি হিমাচল জিলাৰ বৰষুণ আৰু ভূমিস্খলনৰ বাবে পৰিস্থিতি আটাইতকৈ বেয়া। এতিয়াও তাত থকা বেছিভাগ পথেই ভূমিস্খলন আৰু গছ বাগৰি বন্ধ হৈ আছে।দলং ভাঙি পৰাৰ বাবে ঔদ্যোগিক চহৰ হাৰিয়ানা আৰু চণ্ডীগড়ৰ সৈতে পথৰ যোগাযোগ প্ৰায় বিচ্ছিন্ন হৈ পৰিছে।
ইতিমধ্যে প্ৰকৃতিৰ ক্ৰোধে হিমাচলত বহু ক্ষতি কৰিছে। মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুৱে এই প্ৰসংগত কয়, “এয়া আমাৰ বাবে পর্বতসম প্ৰত্যাহ্বান ৷ পথ মেৰামতি, পানীৰ প্ৰকল্প পুনৰ আৰম্ভ — প্ৰায় ১০,০০০ কোটি টকাৰ ক্ষতি হৈছে ৷ সকলো ঠিক হ’বলৈ এবছৰ লাগিব।” ছিমলা বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক সুৰেন্দ্ৰ পলে সংবাদ সংস্থা পিটিআইক জনাইছে যে চলিত বৰ্ষৰ জুলাই মাহত হিমাচলত হোৱা বৰষুণৰ পৰিমাণে যোৱা ৫০ বছৰৰ সকলো অভিলেখ ভংগ কৰিছে।