ৰাজ্যৰ জাগীৰোডত টাটাই ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপন কৰিবলৈ লোৱা সিদ্ধান্তই ঔদ্যোগিক ক্ষেত্ৰলৈ আনন্দৰ বতৰা কঢ়িয়াই আনিছে ৷ ৰাজ্যত এই বৃহৎ উদ্যোগ স্থাপন কৰিবলৈ লোৱা সিদ্ধান্তৰ বাবে আজি টাটাৰ মুৰব্বী ৰতন টাটাক মুম্বাইত কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ এই কথা সংবাদ মাধ্যমৰ জৰিয়তে অৱগত কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ তেওঁ প্ৰকাশ কৰা অনুসৰি ২০২৫ চনৰ ভিতৰত উদ্যোগটোত চিপ উৎপাদনৰ কাম আৰম্ভ হ’ব বুলিও তেওঁ প্ৰকাশ কৰে ৷
ফেচবুকত ডঃ শর্মাই কয় –“অসমত ঔদ্যোগীকৰণৰ দিশত এক ইতিহাস সৃষ্টি কৰা টাটা গ্ৰুপৰ দ্বাৰা ২৭০০০ কোটি টকাৰ বৃহৎ বিনিয়োগে ছেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত বিশ্বৰ মানচিত্ৰত অসমক এক সুকীয়া স্থান দিব আৰু উত্তৰ-পূব ভাৰতক অৰ্থনৈতিক দিশত বিশেষ মান্যতা প্ৰদান কৰিব।আজি মুম্বাইত ৰতন টাটা, এন চন্দ্ৰশেখৰনক জাগীৰোডৰ বৃহৎ বিনিয়োগেৰে অসমক বিশ্বৰ ছেমিকণ্ডাক্টৰৰ মানচিত্ৰত স্থান দিয়াৰ বাবে সমগ্ৰ ৰাজ্যৰ হৈ ধন্যবাদ জনাবলৈ পাই আনন্দিত হৈছোঁ।“