স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্ৰীৰ আহ্বান –
১. প্রতিগৰাকী সন্তানে নিজৰ পিতৃ মাতৃৰ উপযুক্ত যত্ন লওঁক। পিতৃ-মাতৃৰ সৈতে সময় কটোৱাৰ বাবে চৰকাৰী কৰ্মচাৰীক জানুৱাৰী মাহত তিনি দিনৰ ছুটী দিয়া হব। ২. প্রকৃতি সুৰক্ষাত আমাৰ সকলোৰে গধুৰ দায়িত্ব আছে। স্বাধীনতাৰ অমৃতকালৰ সৈতে সংগতি ৰাখি একোজোপা অমৃত বৃক্ষ ৰোপন কৰি আৰু তাৰ উপযুক্তভাৱে প্ৰতিপালন কৰি প্ৰকৃতি আৰু পৰিৱেশ সুৰক্ষাত জড়িত হওঁক।
৩. নিজ নিজ অঞ্চলৰ একোটা অংগনবাড়ী কেন্দ্র প্রতিপালনৰ দায়িত্ব লৈ নাগৰিক হিচাপে নিজৰ সামাজিক দায়িত্ব পালন কৰক।
৪. নিজৰ জন্ম গাঁওখনৰ বিকাশত অংশ লোৱাটো সকলোৰে নৈতিক দায়িত্ব। নিজৰ গাঁওখনলৈ বছৰি অন্ততঃ এবাৰকৈ ভ্ৰমণ কৰি সেৱা আগবঢ়াওক। গাঁও দিৱসৰ দৰে কাৰ্যসূচী পালন কৰি গাওঁখনক বিকাশৰ কেন্দ্ৰবিন্দু ৰূপে গঢ়ি তোলক।
৫. আধুনিক কৃষি পদ্ধতিৰ সমান্তৰালভাৱে আমাৰ কৃষকসকলে জৈৱিক কৃষি পদ্ধতিটো আত্মনিয়োগ কৰক।
৬. স্বাস্থাৰ উপযুক্তভাৱে যতন লোৱাত গুৰুত্ব দিয়ক। নিয়মিত প্ৰাতঃভ্ৰমণ আৰু সান্ধ্যঃভ্রমণ কৰক।
৭. যিসমূহ পৰিয়ালত ঘৰুৱা সহায়ক আছে, তেওঁলোকৰ প্ৰতি উপযুক্ত স্নেহভাৱ প্ৰদৰ্শন কৰিবলৈ আহ্বান । তেওঁলোকক মর্যাদা আৰু আত্মসন্মানেৰে জীয়াই থাকিবলৈ সহায় কৰাৰ লগতে শিক্ষালাভৰ সুযোগ দিয়ক। ঘৰুৱা সহায়কক অত্যাচাৰ কৰা লোকৰ যাতে উপযুক্ত শাস্তি হয় তাৰ বাবে আইন প্ৰণয়ন কৰা হব।
৮. দূৰ্নীতিৰ প্ৰতি আপোনালোক সজাগ হব লাগিব। চৰকাৰী কৰ্মচাৰীসকলক দুর্নীতিত জড়িত নহৈ সততা আৰু ন্যায়ৰ প্ৰতিমূৰ্তি হবলৈ আহ্বান ।
৯. সমাজক সময়ে সময়ে দুৰ্বল কৰি তোলা এক কাৰক হৈছে অস্পৃশতা। ৰাইজক অস্পৃশ্যতা সমুলঞ্চে বিসর্জন দিবলৈ আহ্বান ।
মুখ্যমন্ত্ৰীৰ ঘোষণা
১. ৰাজ্যবাসীক ইউনিভার্ছেল হেল্থ ক’ভাৰেজ ( Universal Health Coverage )প্রদান কৰা হব। প্রধানমন্ত্ৰী আয়ুস্মান কাৰ্ড ৰাজ্যৰ প্ৰতিটো বিপিএল পৰিয়াল আৰু ৰেচন কাৰ্ড থকা পৰিয়াল অর্থাৎ গাঁৱৰ ৮৫ শতাংশ আৰু নগৰৰ ৭৫ শতাংশ লোকক প্রদান কৰা হব।
২. অসমৰ প্ৰায় ৪,০০০ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে ১০,০০০ কোটি টকা ব্যয় কৰা হ’ব ।
৩. ন্যায়িক ব্যৱস্থাটোৱে যাতে নাগৰিকক ন্যায় দিয়ে আৰু তাকো ন্যূনতম সময়ত, তাৰ বাবে যিসমূহ অপৰাধমূলক গোচৰৰ অভিযোগ অতি গুৰুতৰ নহয়, তেনে গোচৰসমূহ উঠাই লোৱাৰ বাবে চৰকাৰে আদালতত আর্জি দিব। ২০২২ বৰ্ষৰ ১৪ আগষ্টৰ মাজনিশা পর্যন্ত ৰুজু হোৱা কম গুৰুতৰ গোচৰৰ ক্ষেত্ৰত চৰকাৰে এই ব্যৱস্থা লোৱাৰ ফলত আদালতত প্রলম্বিত হৈ থকা প্ৰায় ১ লাখ গোচৰ নিষ্পত্তি হব। ৪. সাম্প্রতিক বানত ক্ষতিগ্রস্ত লোকসকলক সাহায্য অহা ২০ আগষ্টৰ ভিতৰত প্ৰদান কৰা হব।
৫. জলাশয়বোৰে প্ৰাকৃতিকভাবে জল ধাৰণ কৰাৰ উপৰি জলজ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ দিশতো গুরুত্বপূর্ণ ভূমিকা লৈ আহিছে। অসমৰ জলাশয়সমূহৰ গুৰুত্ব উপলব্ধি কৰি সেই সমূহৰ সংৰক্ষণৰ বাবে এখন আইন প্ৰণয়ন কৰা হব।
৬.যিসমূহ পৰিয়ালৰ এটাতকৈ অধিক প্ৰজন্মই গো-চৰণীয়া পথাৰত বসবাস কৰি আহিছে তেনে পৰিয়ালসমূহক মাটিৰ পট্টা প্ৰদান কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে।
৭. অসমৰ জনজীৱনত প্ৰচলিত হৈ থকা একচনীয়া মাটিৰ ধাৰণাটোৰ বিলুপ্তিকৰণৰ বাবেও চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। এনেধৰণৰ একচনীয়া ভূমিত বসতি কৰি থকা লোকসকলক ম্যাদী পট্টা প্ৰদানৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে।
৮. শিশুসকলৰ শাৰিৰীক, মানসিক, আবেগিক, বৌদ্ধিক আৰু সামাজিক বিকাশৰ বাবে অঙ্গনবাড়ী কেন্দ্রসমূহে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। এই অংগনৱাড়ী কেন্দ্ৰসমূহৰ আন্তঃগাঁথনি উন্নত হ’লেহে শিশুসকলৰ বাবে আমি আনন্দদায়ক আৰু অবিৰত বিকাশ সম্ভব কৰিব পাৰিম। ৰাজ্যখনত সেইবাবে পোন্ধৰ হাজাৰ অঙ্গনৱাড়ী কেন্দ্র গঢ়ি তুলিবলৈ সিদ্ধান্ত লোৱা হৈছে।
৯. সম্প্ৰতি অসম চৰকাৰে লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্মজয়ন্তী উদযাপন কৰি আছে। লাচিত বৰফুকনৰ বিষয়ে ৰচনা লিখা কার্যত সমগ্ৰ ৰাজ্যৰ জনসাধাৰণক জড়িত কৰি অসম বুৰঞ্জীৰ এই মহিমামণ্ডিত অধ্যায়টোৰ উদযাপন কৰিব খোজা হৈছে। সেই উপলক্ষে ৭ নবেম্বৰত মহাবীৰগৰাকীৰ জীৱনৰ ওপৰত এখনকৈ ৰচনা লিখিবলৈ ৰাজ্যবাসীক আহ্বান জনোৱা হৈছে। ইয়াৰ বাবে প্রত্যেক ব্যক্তিকে একোখনকৈ মানপত্ৰ প্ৰদান কৰা হব
১০. হিংসাৰ পথ পৰিহাৰ কৰি সকলো উগ্ৰপন্থী সংগঠনক শান্তিৰ পথলৈ উভতি আহিবলৈ আহ্বান ।