বিভিন্ন দাবীৰ সমৰ্থনত অসম চিকিৎসা সেৱা সন্থা চমুকৈ আমছাৰ আহ্বানমৰ্মে চিকিৎসক সকলে অব্যাহত ৰখা প্ৰতিবাদী কাৰ্যসূচী সাময়িকভাবে স্থগিত ৰাখিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই নিৰ্ধাৰিত সময়ৰ ভিতৰত তেওঁলোকৰ সমস্যা সমূহ সমাধান কৰা হব বুলি আশ্বাস প্ৰদান কৰাৰ পাছতে আমছাই প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰাখে।
কালি অনুষ্ঠিত সন্থাৰ এখন কাৰ্যনিৰ্বাহক সভাত এক প্ৰস্তাৱৰ জৰিয়তে প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।অৱশ্যে চৰকাৰে প্ৰকাশ কৰাৰ দৰে নিৰ্ধাৰিত সময়ৰ ভিতৰত চিকিৎসকসকলৰ সমস্যা সমাধান নকৰিলে 14 নৱেম্বৰৰ পাছত অধিক কঠোৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হব বুলিও তেওঁলোকে চৰকাৰক সকীয়াই দিছে।
উল্লেখ্য যে চৰকাৰী আবাসগৃহৰ সুব্যৱস্থা, দৰমহাকেন্দ্ৰিক খেলিমেলি দূৰ কৰাকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত চিকিৎসক সকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল। অ পি ডি বর্জনকে ধৰি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছিল চিকিৎসক সকলে।