আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গোসাঁইগাঁৱত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। আগন্তুক উপনিৰ্বাচনৰ প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মাই জনাই যে UPPL মানে BJP আৰু BJP মানে UPPL।
বড়ো স্বায়ত্ব শাসিত অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰাই চৰকাৰৰ মূল লক্ষ্য। বি টি আৰ অঞ্চলত পূৰ্বে জাতিগত সংঘৰ্ষত নিহত হোৱা কোঁচ ৰাজবংশীকে ধৰি অন্য জাতিৰ লোকসকলক পাঁচ লাখকৈ টকা দিয়াৰ উপৰিও তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা কৰিব বুলি উল্লেখ কৰে। সকলো ৰাইজকে UPPL ৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীক টেক্টৰ চিনত ভোট দি জয় যুক্ত কৰিবলৈ অনুৰোধ জনায়।
উল্লেখযোগ্য যে পূৰ্বৰ বি পি এফৰ বিধায়ক মজেন্দ্ৰ নাৰ্জাৰীৰ মৃত্যুৰ বাবে অহা ৩০ তাৰিখে পুনৰ গোঁসাইগাঁও সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।