আজি জনতা ভৱনত ‘অৰুণোদয় মাহ’ৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই । এখন সংবাদমেলত মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ইয়াৰ লগে লগে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে ১০ অক্টোবৰৰ পৰা ১,২৫০ টকাৰ বৰ্ধিত হাৰত আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। ‘অৰুণোদয় মাহ’ত এন চি চি আৰু এন এছ এছৰ দৰে গোটসমূহৰ সদস্যসকলৰ দ্বাৰা জৰীপ চলাই বৰ্তমানৰ হিতাধিকাৰীৰ তালিকাখন উন্নীতকৰণ কৰা হ’ব। অর্থাৎ অৰুণোদয় আঁচনিৰ সা-সুবিধা লাভ কৰিবলৈ আপুনি যোগ্য হৈ আছে নে নাই সেয়া জৰীপত সামৰি লোৱা হ’ব ৷ এন চি চি আৰু এন এছ এছৰ দৰে গোটসমূহৰ সদস্যসকলে ঘৰে ঘৰে গৈ এই জৰীপ চলাব ৷
তদুপৰি এই বছৰৰ প্ৰলয়ংকৰী বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহলৈ পোনপটীয়া লাভালাভ হস্তান্তৰৰ জৰিয়তে পুনৰ্বাসন অনুদান পুঁজি বিতৰণৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ । ৩০খন জিলাত ক্ষতিগ্ৰস্ত ২,০৪,৩৪৮টা ঘৰৰ বিপৰীতে পোনপটীয়া লাভালাভ হস্তান্তৰৰ জৰিয়তে ধাৰ্য কৰা মুঠ অনুদান হৈছে ১১৯.১১ কোটি টকা। তদুপৰি সম্পূৰ্ণৰূপে আৱাস ধ্বংস হোৱা ৩০৯টা পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ অধীনত অতিৰিক্ত ১ লাখ টকাকৈ মুঠ ৩.০৯ কোটি টকা আগবঢ়োৱা হ’ব।