নিলম্বিত এচিএছ বিষয়াৰ বাসগৃহত আজি অভিযান চলায় চিএম ভিজিলেন্সে ৷সাংসদ পুঁজিৰ কেলেংকাৰীৰ গোচৰত অভিযুক্ত হোৱাৰ পাছত ৰাজ্য চৰকাৰে নিলম্বন কৰা কামৰূপ মহানগৰ জিলাৰ এ ডি চি সুকন্যা বৰাৰ গান্ধীবস্তিৰ বাসগৃহত চি এম ভিজিলেঞ্চৰ অভিযান চলে । ২০২১-২২ বৰ্ষত সাংসদ অজিত কুমাৰ ভুঞাৰ সাংসদ পুঁজিৰ ব্যয়ত এই অনিয়ম সংঘটিত হৈছিল।
সাংসদ পুঁজিৰ এই কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাৰ পাছতে তেওঁক জেৰা কৰা হৈছিল ৷ অভিযোগ অনুসৰি সেই সময়ত বিভিন্ন উন্নয়নমূলক কামৰ বাবে সাংসদ পুঁজিৰ মুকলি কৰি দিয়া ধন তেওঁলোকে হৰলুকি কৰিছিল।
কেৱল কাগজে পত্ৰয়ে পথ নিৰ্মাণ কৰা দেখুৱাই সেই ধন লুটি পুতি খাইছিল। এই সন্দৰ্ভত চি এম ভিজিলেঞ্চত গোচৰ ৰুজু হোৱাৰ পাছতে তদন্ত আৰম্ভ হয় ৷ যিসমূহ স্থানত ধন ব্যয় কৰা বুলি দেখুওৱা হৈছে তাত কোনোধৰণৰ কাম হোৱাই নাই ৷ইতিমধ্যে সুকন্যা বৰাকে ধৰি আন কেইবাজনকো এই গোচৰত নিলম্বন কৰা হৈছে।
আজি আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তিৰ গোচৰত সুকন্যা বৰাৰ ঘৰত অভিযান চলাইছে চি এম ভিজিলেঞ্চে। জানিব পৰা মতে গান্ধীবস্তিৰ বাসগৃহত চলা তদন্ত অন্ত পৰাৰ পাছতে ছয়মাইলত থকা আন এটা বাসগৃহত অভিযান চলাব চি এম ভিজিলেঞ্চৰ দলে।