এডিচি সুকন্যা বৰাৰ পাছতে আণ এজন অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াৰ সা-সম্পত্তি দেখি হতবাক হৈ পৰিছে চিএম ভিজিলেন্স ৷ ২০২২ বর্ষত অৱসৰ লাভ কৰা ছামেদ আলীৰ মাটি সম্পত্তি দেখিলে আপনাৰো চকু কপালত উঠিব ৷ গুৱাহাটীৰ চাৰি স্থানত ঘৰ-মাটি থকাৰ লগতে আছে কেইবাটায়ো বিলাসী ফ্লেট ৷
প্ৰাপ্ত তথ্য অনুসৰি অন্য লোকৰ নামত আছে কেইবাখনো বিলাসী বাহন ৷তদন্তত সহযোগ নকৰা ছামেদৰ লকাৰত বহু পৰিমানৰ নগদ ধন থকাৰ সন্দেহ কৰিছে ৷ লকাৰৰ তথ্য দাখিল কৰা নাই ৷ ঘৰত উদ্ধাৰ হৈছে ৩১ খন পাছবুক ৷
পানী টেংকি- চিলঙত ধন বিচাৰি অভিযান চলায় তদন্তকাৰীয়ে ৷ কৰিমগঞ্জ-হাফলং- বৰপেটাত তেওঁৰ মাটি সম্পত্তি আছে বুলি সন্দেহ কৰা হৈছে ৷ সৰুমটৰীয়া -জোনালীত আছে বিশাল ঘৰ ৷ গান্ধীবস্তিত আছে তেওঁৰ দুটা বিশাল অট্টালিকা ৷ সাউকুছিতো আছে ছামেদ আলীৰ ঘৰ মাটি ৷ কালি ১২ ঘণ্টাৰো অধিক সময় ছামেদ আলীৰ ঘৰত অভিযান চলোৱা হৈছিল ৷
ইতিমধ্যে তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে বিশাল পৰিমানৰ সোণৰ গহণা ৷ তদুপৰি তেওঁৰ ঘৰৰ ইণ্টেৰিয়ৰৰ নামত কোটি কোটি টকা ব্যয় কৰা হৈছে ৷ কেইবাবাৰো বিদেশ ভ্ৰমণ কৰিছৈল তেওঁ ৷ পৰৱর্তী সময়ত অধিক তথ্য লাভ কৰাৰ সম্ভাৱনা আছে ৷ শীঘ্ৰে তেওঁক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে ৷