মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে আজি ডি আই জি ৰৌনক আলী হাজৰিকাক গ্ৰেপ্তাৰ কৰিছে । হাজৰিকাৰ বাসগৃহৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে। মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ আৰক্ষী অধীক্ষক ৰৌজি কলিতাৰ নেতৃত্বত যোৱা এটা দলে ডি আই জি জনক গ্ৰেপ্তাৰ কৰে।আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তিৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। উল্লেখ্য যে ২০১১চনৰ পৰা চৰকাৰৰ অনুমতি নোহোৱাকৈ কেইবাবাৰো বিদেশ ভ্রমন কৰাৰ অভিযোগত হাজৰিকাক নিলম্বন কৰা হৈছিল। তদুপৰি মুখ্য কাৰ্য্যালয়ৰ অনুমতি অবিহনে পূৰ্ব অনুমতি অবিহনে এৰি নাযাবলৈ নিৰ্দেশ দিয়া হৈছিল।