আৰতি তুৰি নামৰ এগৰাকী বনকৰা কিশোৰীক বলাৎকাৰ কৰি হত্যা কৰা ঘটনাক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰাৰ ষড়যন্ত্ৰত লিপ্ত লোৱাৰ অভিযোগত আৰক্ষী অধীক্ষক ৰাজমোহন ৰায় , অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন, ধুলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰা ,কার্যবাহী দণ্ডাধীশ আর্শীবাদ হাজৰিকাৰ উপৰি তিনিজন চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে ৷ আজি এখন সংবাদমেলযোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই এই ঘটনা পুনৰ তদন্ত কৰি আৰক্ষীয়ে কিদৰে সফলতা লাভ কৰিবলৈ সক্ষম হ’ল সেয়া বর্ণনা কৰে ৷ লগতে তেওঁ কয় যে শেহতীয়াকৈ অনুষ্ঠিত আৰক্ষী অধীক্ষকৰ সন্মিলনতো এই বিষয়টো আলোচনা কৰা হৈছে ৷
তেওঁ কয় –“ যোৱা আৰক্ষী অধীক্ষকৰ সন্মিলনত একেধৰনৰ গোচৰসমূহৰ ফাইল পুনৰ খুলি পুনৰ তদন্ত কৰিবলৈ নির্দেশ দিছো ৷ বিগত এবছৰৰ ভিতৰত যিকোনো ধৰণৰ অস্বাভাৱিক মৃত্যু, যাক আত্মহত্যা বুলি দাবী কৰা হৈছে অথবা কেবল মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ ওপৰতে বন্ধ কৰি দিছো তেনে গোচৰসমূহ পুনৰ পৰীক্ষা কৰিবলৈ নির্দেশ দিছো ৷ আৰু এটা আমি ডাঙৰ সিদ্ধান্ত লৈছো যে এনেধৰণৰ ঘটনা সংঘটিত হ’লে ডিআইজি আৰু এছপি ঘটনাস্থলীলৈ যাব লাগিব ৷ তেওঁলোক সন্তুষ্ট নোহোৱালৈকে গোচৰ বন্ধ কৰা নহ’ব ৷ প্ৰতিখন আৰক্ষী অধীক্ষক সন্মিলনত ব্যৱস্থাটো শক্তিশালী কৰিব বিচৰা হৈছে ৷ বনকৰা কিশোৰীক বলাৎকাৰ কৰি হত্যা কৰাৰ পাছত আত্মহত্যা কৰা বুলি দাবী কৰা ঘটনা প্ৰায়ে সংঘটিত হৈ থাকে ৷ আমি এই হত্যাকাণ্ডৰ তদন্তৰ জৰিয়তে আৰক্ষী, চিকিৎসক আৰু দণ্ডাধীশক এটা শক্তিশালী বার্তা দিব বিছাৰিছো যে তেওঁলোকে যাতে কর্তব্য নিষ্ঠাৰে সম্পন্ন কৰে ৷“তেওঁ লগতে কয় যে অসম আৰক্ষী সামাজিক মাধ্যমত যথেষ্ট সক্ৰিয় ৷ আৰক্ষীক যোগাযোগ কৰিবলৈ ১১২নম্বৰ আছে ৷ অসম আৰক্ষীক যোগাযোগ কৰাটো অতি ডাঙৰ কথা নহয় ৷ কিন্তু যোগাযোগ কৰাৰ পাছত আৰক্ষীয়ে কিমান গভীৰভাৱে লৈছে ৷