এতিয়াৰে পৰা আগ্ৰহী শিক্ষার্থী আৰু কাম কৰি থকা লোকসকলেও অনলাইনযোগে গ্ৰহণ কৰিব পাৰিব হ্ৰস্বকালীন অভিযান্তিক পাঠ্যক্ৰম ৷ পুনে অভিযান্ত্ৰিক মহাবিদ্যালয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ ৷ ৩ জানুৱাৰীৰ পৰা শিক্ষাৰ্থী আৰু কৰ্মৰত লোকসকলৰ বাবে ২৬ টা বিষয়ত হ্ৰস্বম্যাদী অনলাইন পাঠ্যক্ৰম আৰম্ভ কৰিছে প্ৰতিষ্ঠানখনে ৷ ব্লক-চেইন প্ৰযুক্তি, ইণ্টাৰনেট অফ থিংছ আৰু এপ্লিকেচন, ৰবটিক্স, মেচিন ভিজন আৰু ক্লাউড কম্পিউটিং আদিৰ দৰে বিষয়ত শিক্ষার্থীসকলে শিক্ষা গ্ৰহণ কৰিব পাৰিব ৷
সকলো পাঠ্যক্ৰম মহাবিদ্যালয়খনৰ এক্স প্লাছ শীৰ্ষকৰ অধীনত প্ৰদান কৰা হ’ব আৰু প্ৰথমটো বেটচৰ বাবে পঞ্জীয়ন সোমবাৰৰ পৰা আৰম্ভ হৈছে ৷ । প্ৰতিষ্ঠানখনৰ শিক্ষক আৰু পি এইচ ডি শিক্ষাৰ্থীসকলে অনলাইন যোগে পাঠদান কৰিব ৷ প্ৰতিতো পাঠ্যক্ৰমৰ সময় হ’ব চাৰি সপ্তাহ ৷ এই পাঠ্যক্ৰমৰ অধীনত আগবঢ়োৱা অন্যান্য বিষয়বোৰৰ ভিতৰত আছে ডাটা ছায়েন্স , কৃত্ৰিম বুদ্ধিমত্তা, থ্ৰী ডি প্ৰিণ্টিং, চেন্সৰ আৰু অটোমেচন , নেনোমেটেৰিয়েল আৰু প্ৰযুক্তি, নিৰ্মাণ সামগ্ৰী, নৱীকৰণযোগ্য শক্তি, ডিজাইন থিংকিং আৰু উদ্ভাৱন।
পাঠ্যক্ৰমসমূহ উদ্যোগ বিশেষজ্ঞসকলৰ সৈতে আলোচনা কৰি প্ৰস্তুত কৰিছে মহাবিদ্যালয়খনে ৷ তিনিটা শাখাত এই পাঠ্যক্ৰম আগবঢ়োৱা হ’ব। প্ৰাথমিক শাখা সকলোৰে বাবে মুকলি থাকিব ৷ কিন্তু ইন্টাৰমেডিয়েট আৰু এডভান্সড শাখাৰ বাবে আবেদনকাৰীৰ প্ৰৱেশ পৰীক্ষা থাকিব।সম্পূৰ্ণ পাঠ্যক্ৰম সম্পূৰ্ণ কৰা শিক্ষার্থীসকলক প্ৰদান কৰা হ’ব প্ৰমাণপত্ৰ ৷