.প্ৰচণ্ড শীতপ্ৰবাহে আজিৰে পৰা কপাঁই যাব দেশৰ উত্তৰ-পশ্চিম প্ৰান্তৰ কেইবাখনো ৰাজ্য ৷এই সতর্ক বাণী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৷ বিশেষকৈ পাঞ্জাৱ, হাৰিয়াণা আৰু ৰাজস্থানত এই শীতপ্ৰবাহৰ বিশেষ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে ৷ শীতপ্ৰবাহৰ লগতে এই ৰাজ্যকেইখন কুৱঁলীয়ে ঢাকি ধৰিব ৷ ২০ ডিচেম্বৰ পর্যন্ত ৰাজ্যকেইখনত থাকিব শীতপ্ৰবাহৰ প্ৰভাৱ ৷ তদুপৰি পশ্চিম হিমালয়ান ৰাজ্যসমূহত বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ কাশ্মীৰৰ উজনি অঞ্চলত যথেষ্ট হিমবাহ হোৱা দেখা গৈছে ৷ নিশাৰ ভাগত জম্মুত পাৰস্তম্ভ মাইনাছ ৩.৮ ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পাইছে ৷গুলমার্গ অঞ্চলতো তাপমাত্ৰা মাইনাছ ৮.৬ ডিগ্ৰীলৈ হ্ৰাস পাইছে ৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা আগজাননী অনুসৰি উত্তৰ-পশ্চিম ভাৰতৰ ৰাজ্যসমূহৰ লগতে মহাৰাষ্ট্ৰত ২-৩ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা হ্ৰাস পাব ৷