বহু বতাহ-ধুমুহাই ক্ষতি কৰিব নোৱাৰা এজোপা দুশ বছৰীয়া পুৰণি গছ উভালি পৰিল হৰিদ্বাৰত ৷ মঙলবাৰে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত হৰিদ্বাৰৰ গছজোপা উভালি পৰে । জলপুৰ অঞ্চলৰ আনছাৰী মাৰ্কেটৰ সমীপত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত হঠাতে উভালি পৰে ২০০ বছৰীয়া গছজোপা। এএনআইৰ তথ্য অনুসৰি গছজোপা বাগৰি পৰাৰ ফলত দুজন লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত এজন পৰ্যটকো আছিল। স্থানীয় সংবাদ সংস্থাৰ তথ্য অনুসৰি এই ঘটনাত ৫জন লোক আহত হয়। আহত আটাইকেইজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
হৰিদ্বাৰ আৰক্ষীৰ সূত্ৰ অনুসৰি আনছাৰী মাৰ্কেটৰ সমীপত গছজোপা হঠাতে ভাঙি পৰে। হঠাৎ খহি পৰাৰ ফলত গছজোপাৰ তলত আবদ্ধ হৈ পৰে কেইবাজনো লোক। লগে লগে স্থানীয় আৰক্ষী উপস্থিত হয়। গছৰ তলৰ পৰা সকলোকে উলিয়াই আনিবলৈ চেষ্টা কৰা হয় ৷ স্থানীয় লোকেও যোগদান কৰে উদ্ধাৰ অভিযানত।
আৰক্ষীৰ তথ্য অনুসৰি গছজোপাৰ তলৰ পৰা ৪ জন লোকক উদ্ধাৰ কৰা হয়। দুয়োকে ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। এই ঘটনাত দুজন লোকৰ মৃত্যু হয়। ইয়াৰে এজন সোণেপাটৰ বাসিন্দা। তেওঁ হৰিদ্বাৰ ভ্ৰমণ কৰিবলৈ আহিছিল ৷ এই প্ৰসংগত চিকিৎসালয়খনৰ চিকিৎসকে কয় যে মুঠ ৫জন লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ইয়াৰে দুজনৰ মৃত্যু হয়। এজন ব্যক্তিক হৃষিকেশৰ ইএমএছলৈ স্থানান্তৰ কৰা হৈছে।