বলীউডৰ বিশিষ্ট অভিনেতা তথা পৰিচালক সতীশ কৌশিকৰ দেহাৱসান ঘটিছে । ৬৬ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় কৌতুক অভিনেতা গৰাকীৰ ৷ বৃহস্পতিবাৰে পুৱা তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰা হৈছে । বলীউডৰ বিশিষ্ট অভিনেতা অনুপম খেৰে এই খবৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।
বৃহস্পতিবাৰে পুৱা এটা টুইটত ‘কাশ্মীৰ ফাইলছ’ৰ অভিনেতাগৰাকীয়ে লিখিছে, ‘মই জানো, জীৱনৰ আটাইতকৈ ডাঙৰ সত্যটো হ’ল মৃত্যু। কিন্তু মই কেতিয়াও ভবা নাছিলো, কোনোবাদিনা মোৰ মৰমৰ বন্ধুৰ বাবে এইখিনি লিখিব লাগিব। ৪৫ বছৰীয়া বন্ধুত্ব হঠাতে নোহোৱা হ’ল । আপোনাৰ দৰে বন্ধুৰ অনুপস্থিতিত জীৱন সলনি হ’ব। ওম শান্তি।” ‘তেৰে নাম’ খ্যাত পৰিচালক সতীশ কৌশিক দিল্লীৰ চিকিৎসালয়লৈ অনাৰ সময়ত হাৰ্ট এটেকত আক্ৰান্ত হয়। যোৱা ৭ মাৰ্চত জনপ্ৰিয় গীতিকাৰ জাভেদ আখতাৰে আয়োজন কৰা হোলী মহোৎসৱতো তেওঁক দেখা গৈছিল। ইয়াৰ পিছত হঠাতে পৰিচালক-অভিনেতাজনৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিল। বৃহস্পতিবাৰে পুৱাই তেওঁৰ মৃত্যু হয় ৷ বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱটেও সতীশ কৌশিকৰ মৃত্যুত শোক প্ৰকাশ কৰে। তেওঁৰ আগন্তুক ছবি ‘ইমাৰ্জেন্সি’ত উপ-প্ৰধানমন্ত্ৰী জগজীৱন ৰামৰ চৰিত্ৰত অভিনয় কৰিছে সতীশ কৌশিকে ।
পৰিচালক সতীশ কৌশিকে ১৯৯৩ চনত ‘ৰূপ কি ৰাণী চোৰন কা ৰজা’ ছবিৰ জৰিয়তে যাত্ৰা আৰম্ভ কৰিছিল। পিছলৈ তেওঁ ‘হম আপকে দিল মেই ৰেহতে হায়’, ‘মুঝে কুচ কেহনা হায়’ আদি ছবি পৰিচালনা কৰে। পৰিচালক সতীশ কৌশিকে ছলমান খানৰ ‘তেৰে নাম’ৰ জৰিয়তে খ্যাতি অৰ্জন কৰে। কেৱল পৰিচালক হিচাপেই নহয় অভিনেতা হিচাপেও তেওঁ নিজৰ স্থান দখল কৰিছিল। ‘মিষ্টাৰ ইণ্ডিয়া’ত কেলেণ্ডাৰ হিচাপে তেওঁৰ অভিনয়ক এতিয়াও দৰ্শক আৰু চিনে-প্ৰেমীসকলৰ মনত আছে। আশী-নব্বৈৰ দশকৰ বহু ছবিৰ উপৰিও সতীশ কৌশিকে শেহতীয়া ছবি ‘বাঘী ৩’, ‘ছাত্ৰৱলী’ আদি ছবিতো অভিনয় কৰিছে। পৰ্দাত তেওঁৰ অভিনয় আছিল অবিস্মৰণীয়। ৬৬ বছৰ বয়সতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷