অত্যাৱশ্যকীয় খাদ্যসামগ্ৰীৰ পৰা আৰম্ভ কৰি ইন্ধনলৈকে হোৱা মূল্যবৃদ্ধিয়ে কোঙা কৰি তুলিছে সাধাৰণ জনতাক ৷ আজি পুনৰ বৃদ্ধি হৈছে ৰন্ধন গেছৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৷ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য আজি ২৫০ টকাকৈ বৃদ্ধি কৰা হৈছে ৷ ইয়াৰ লগে লগে দিল্লীত ১৯ কিলোগ্ৰাম বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য ২২৫৩ টকালৈ বৃদ্ধি পালে ৷ এই নতুন নিৰিখ আজিৰ পৰা কাৰ্যকৰী হ’ব ৷ যোৱা মাহত বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ১০৫ টকাকৈ বৃদ্ধি কৰা হৈছিল ৷ কলকাতাত ১৯ কিলোগ্ৰাম বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ২৩৫১ টকালৈ বৃদ্ধি পাব ৷ আনহাতে, মুম্বাই আৰু চেন্নাইত এই মূল্য হ’ব ক্ৰমান্বয়ে ২২০৫ আৰু ২৪০৬ টকা হ’ব।
লক্ষণীয়ভাৱে, বৃহস্পতিবাৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৮০ পইচাকৈ বৃদ্ধি হৈছে ৷ বিগত ৯ দিনত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৬.৪০ টকা বৃদ্ধি হৈছে ৷ এদিন পূৰ্বে ইন্ধনৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিজেপি নেতৃত্বাধীন কেন্দ্ৰক ইন্ধনৰ বৰ্ধিত মূল্য নিয়ন্ত্ৰণলৈ অনাৰ দাবী জনায়।বৃহস্পতিবাৰে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ সাংসদসকলে ইন্ধনৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে বিজয় চকত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদত দলৰ জ্যেষ্ঠ নেতা অধীৰ ৰঞ্জন চৌধুৰী, মল্লিকাৰ্জুন খাৰ্গে, অভিষেক সিংভি, কেচি বেণুগোপাল, শক্তি সিংহ গোহিল আৰু অন্যান্যসকল উপস্থিত আছিল।