কাৰ্বি আংলঙৰ আত্মসমৰ্পণকাৰী উগ্ৰবাদী সংগঠনসমূহৰ পুনৰ সংস্থাপনৰ বাবে ৰাজ্যপালৰ নির্দেশত গঠন কৰা হৈছে এখন কমিটি । অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধানক অধ্যক্ষ হিচাপে লৈ গঠন কৰা হৈছে এই কমিটি। এই কমিটি খনত সদস্য হিচাপে থাকিব গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব,পাৰ্বত্য অঞ্চল বিভাগৰ সচিব অথবা অতিৰিক্ত সচিব,পশুপালন আৰু পশুচিকিৎসা বিভাগৰ সচিব অথবা অতিৰিক্ত সচিব, কৃষি বিভাগৰ সচিব অথবা অতিৰিক্ত সচিব, উদ্যোগ আৰু বাণিজ্য বিভাগৰ সচিব অথবা অতিৰিক্ত সচিব,মীন বিভাগৰ সচিব অথবা অতিৰিক্ত সচিব অথবা যুটীয়া সচিব,চেণ্ট্ৰেল ৰেঞ্জৰ ডি আই জি পি,অসম দক্ষতা বিকাশ মিছন সঞ্চালক।
তদুপৰি কমিটি খনৰ অধ্যক্ষই নিয়োগ কৰিব পাৰিব আন সদস্য। এন জি অ অথবা সফল উদ্যোগীক সদস্য হিচাপে এই কমিটি খনত অন্তৰ্ভুক্ত কৰিব পাৰিব। আত্মসমৰ্পণ কৰা সদস্য সকলৰ বয়স, যোগ্যতা আদি বিবেচনা কৰিব এই কমিটি খনে।উল্লেখ্য যে অসম চৰকাৰৰ ওপৰত আস্থা প্ৰকাশ কৰি কেইবাটাও কাৰ্বি উগ্ৰবাদী সংগঠন শান্তিৰ পথলৈ ঘূৰি আহিছিল।