অসম সাংস্কৃতিক মহাসংগ্ৰাম, ২০২৩-২৪ৰ কামৰূপ মহানগৰ জিলাৰ দিছপুৰ বিধানসভা সমষ্টিভিত্তিক প্ৰতিযোগিতাসমূহ আজি গুৱাহাটীৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়৷ দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই উদ্বোধন কৰা প্ৰতিযোগিতাখনৰ জ্যেতি সংগীত, বিষ্ণু ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত, ৰবীন্দ্ৰ সংগীত, বিহু নৃত্য(দলীয়) আৰু অসমৰ লোক নৃত্য(দলীয়)ত আঢ়ৈ শতাধিক প্ৰতিযোগী আৰু দলে ভাগ লয়৷ পূৱ গুৱাহাটী বিধানসভা সমষ্টিৰ বাবে প্ৰতিযোগিতাসমূহ যোৱা শুক্ৰবাৰে উজান বজাৰৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অনুষ্ঠিত হয়৷ পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বাবে ধাৰাপুৰ দুৰ্গা মন্দিৰ প্ৰাঙ্গনত অহা ১৩ ডিচেম্বৰত প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হ’ব৷ আনহাতে জালুকবাৰী বিধানসভা সমষ্টিৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত ১৯ আৰু ২০ ডিচেম্বৰত প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হ’ব৷ প্ৰতিটো সমষ্টিৰ প্ৰতিটো শাখাৰ বিজয়ী প্ৰতিযোগীসকলৰ মাজত পৰৱৰ্তী সময়ত জিলা ভিত্তিক প্ৰতিযোগিতা আনুষ্ঠিত হ’ব৷