নেপালৰ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পেডেলক এয়াৰ এম্বুলেন্সেৰে কাঠমাণ্ডুৰ পৰা দিল্লীৰ এইমছলৈ অনা হৈছে। সূত্ৰ অনুসৰি ৰাষ্ট্ৰপতিগৰাকীৰ বুকুৰ সংক্ৰমণ অধিক জটিল হৈ পৰিছে। ৰাষ্ট্ৰপতি পেডেলক এমাহৰ ভিতৰত দুবাৰকৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছিল। তৎসত্বেও তেওঁৰ স্বাস্থ্যৰ উন্নত নোহোৱাত দিল্লীলৈ বিমানেৰে লৈ অহা হয় ৷
মঙলবাৰে পেডেলক নেপালৰ টি ইউ টিচিং হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। কিন্তু তাতেই তেওঁৰ বুকুত জটিল সংক্ৰমণ দেখা গ’ল। ইয়াৰ পিছত আৰু পলম নকৰাকৈয়ে তেওঁক দিল্লীলৈ অনাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ল। বুধবাৰে পুৱা প্ৰায় ১১ বজাত দিল্লীত নেপালৰ ৰাষ্ট্ৰপতিৰ এয়াৰ এম্বুলেন্স অৱতৰন কৰে । তাৰ পৰা পোনে পোনে এইমছলৈ অনা হয় ৰাষ্ট্ৰপতি গৰাকীক । ৰাষ্ট্ৰপতিগৰাকীৰ লগত আছে তেওঁৰ পুত্ৰ চিন্তুন আৰু আন কিছু ঘনিষ্ঠ ব্যক্তি।
ৰাষ্ট্ৰপতি পেডেলে প্ৰথমবাৰৰ বাবে বুকুৰ বিষ অনুভৱ কৰিছিল যোৱা ১ এপ্ৰিলত। এটা চিকিৎসা দলে সভাপতিগৰাকীৰ শাৰীৰিক অৱস্থা পৰীক্ষা কৰে। তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পা কমল দাহাল, উপ-প্ৰধানমন্ত্ৰী পূৰ্ণ বাহাদুৰ খাদকা আদিয়ে অসুস্থ ৰাষ্ট্ৰপতিগৰাকীৰ স্বাস্থ্যৰ বুজ লয় । কিছুদিনৰ ভিতৰতে তেওঁক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হয়। যোৱা মঙলবাৰে তেওঁক পুনৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। পৰীক্ষাত দেখা গ’ল যে বুকুৰ সংক্ৰমণে জটিল ৰূপ লৈছে। ইয়াৰ পিছতে দিল্লীলৈ উৰাজাহাজেৰে তেওঁক অনাৰ সিদ্ধান্ত লোৱা হ’ল।