ম্যানমাৰৰ সামৰিক জুন্টা চৰকাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনৰ নীতি গ্ৰহণ কৰি বিদ্ৰোহীৰ অগ্ৰগতি বন্ধ কৰিব বিচাৰিছে । শেহতীয়াকৈ চৰকাৰী নিৰ্দেশনা জাৰি কৰি ম্যানমাৰৰ ‘সক্ষম’ নাগৰিকসকলে সামৰিক বাহিনীত যোগদান কৰাটো বাধ্যতামূলক কৰা হৈছে ৷ আৰু তাৰ পিছত আৰক্ষী আৰু সেনাই ‘সক্ষম’ যুৱকসকলক বাধ্যতামূলকভাৱে নিয়োগ কৰিবলৈ আৰম্ভ কৰাৰ অভিযোগ উত্থাপন হৈছে।
থাইলেণ্ডৰ নিৰ্বাসিত গণতন্ত্ৰ সমৰ্থক চৰকাৰৰ সংবাদ মাধ্যম ইৰাৱাডীয়ে প্ৰকাশ কৰা অনুসৰি চলিত মাহৰ দ্বিতীয় সপ্তাহত কেৱল মাণ্ডেলেৰ ছখন চহৰতে কমেও ৮০ জন যুৱকক আটক কৰা হৈছে। ম্যানমাৰৰ যুৱ প্ৰজন্মৰ এক বৃহৎ অংশই বাধ্যতামূলক সামৰিক সেৱাৰ পৰা হাত সাৰিবলৈ দেশ এৰি পলায়নৰ চেষ্টা আৰম্ভ কৰিছে। কাকতলীয়াভাৱে যোৱা বছৰ ইউক্ৰেইন যুদ্ধত সৈন্যৰ অভাৱ পূৰণৰ বাবে পুটিন চৰকাৰে ‘বাধ্যতামূলক সৈনিক’ৰ নীতি ঘোষণা কৰাৰ পিছত ৰাছিয়াৰ একাংশ যুৱকে পোলেণ্ড আৰু হাংগেৰীৰ দৰে চুবুৰীয়া দেশলৈ পলায়ন কৰিছে ৷
যোৱা নৱেম্বৰৰ পৰা দেশখনৰ তিনিটা বিদ্ৰোহী গোটৰ নতুন মিত্ৰতা ব্ৰাদাৰহুড এলায়েন্স—টাং নেশ্যনেল লিবাৰেচন আৰ্মি (টিএনএলএ), আৰাকান আৰ্মী (এএ) আৰু ম্যানমাৰ নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স আৰ্মী (এমএনডিএএ)—সেনাৰ বিৰুদ্ধে অভিযান চলাই আহিছে ৷ সেই অভিযানৰ কাৰ্যকৰী নাম হৈছে ‘অপাৰেচন ১০২৭’। পিছলৈ জুন্টা বিৰোধী যুদ্ধত ‘চাইনা নেশ্যনেল আৰ্মী’ (চিএনএ) আৰু চাইনালেণ্ড ডিফেন্স ফৰ্চ (চিডিএফ), ‘কাচিন লিবাৰেচন ডিফেন্স ফৰ্চ’ (কেএলডিএফ), পিপলছ ডিফেন্স ফৰ্চ (পিডিএফ)য়েও যোগদান কৰে।
ম্যানমাৰৰ গণতন্ত্ৰ সমৰ্থক চৰকাৰ নেশ্যনেল ইউনিটি চৰকাৰে জুন্টা বিৰোধী ৰাজনৈতিক দল শ্বান ষ্টেট প্ৰগ্ৰেছ পাৰ্টিক বিদ্ৰোহী সশস্ত্ৰ সংগঠনক সমৰ্থন জনাইছে। থাইলেণ্ডত নিৰ্বাসিত ম্যানমাৰৰ গণতন্ত্ৰ সমৰ্থক নাগৰিকে পৰিচালিত সংবাদ মাধ্যম ইৰাৱতীয়ে মুকলিকৈ ‘ব্ৰাদাৰহুড এলায়েন্স’ৰ বাবে প্ৰচাৰ চলাইছে। বিদ্ৰোহী সমৰ্থিত ৰাজনৈতিক গোট ইউনাইটেড ৱে ষ্টেট পাৰ্টিয়ে ইতিমধ্যে কিছুমান প্ৰদেশত সমান্তৰাল চৰকাৰ চলাবলৈ আৰম্ভ কৰিছে। ইৰাৱাডীয়ে দাবী কৰে যে ইতিমধ্যে বহু সৈন্যই শিবিৰৰ পৰিৱৰ্তে বিদ্ৰোহীৰ সৈতে যোগদান কৰিছে।