চাকৰি নিয়মীয়াকৰণৰ দাবীৰে আজি মহানগৰীৰ চচলত ধর্ণা কার্যসূচী ৰূপায়ন কৰে শতাধিক কম্পিউটাৰ শিক্ষকে ৷ সদৌ অসম কম্পিউটাৰ শিক্ষক সন্থাৰ উদ্যোগত অনুষ্ঠিত ধর্ণা কার্যসূচীত প্ৰতিবাদী শিক্ষকসকলে হাতে হাতে বেনাৰ প্লেকার্ড লৈ প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদী শিক্ষকসকলে সমগ্ৰ অঞ্চলটোৰ আকাশ বতাহ কঁপাই তোলে ৷
দীর্ঘদিন ধৰি এই শিক্ষকসকলে ৰাজ্যৰ বিদ্যালয়সমূহত ঠিকাভিত্তিকভাৱে কর্মৰত হৈ আহিছে ৷ তেওঁলোকে চাকৰি নিয়মীয়াকৰণৰ বাবে দাবী উত্থাপন কৰি আহিছে ৷ ইয়াৰ বিপৰীতে শেহতীয়াকৈ ৰাজ্য চৰকাৰে পুনৰ ৩ বছৰৰ বাবেহে কম্পিউটাৰ শিক্ষকসকলৰ চাকৰিৰ ম্যাদ বৃদ্ধি কৰে ৷
ধর্ণাত অংশগ্ৰহণ কৰি এগৰাকী শিক্ষকে কয় –“ শিক্ষা বিভাগত আমি দীর্ঘদিন ধৰি কাম কৰি আহিছো ৷৷ আমাৰ এটাই দাবী যে আমাৰ সমস্যাৰ স্থায়ী সমাধান হ’ব লাগে ৷ চৰকাৰে আমাক প্ৰতিবাৰেই প্ৰতাৰণা কৰি আহিছে ৷ আমাৰ সমস্যা সমাধানত গুৰুত্ব দিম বুলি কৈছিল ৷ কিন্তু তেওঁলোকে সেই প্ৰতিশ্ৰুতি আজিপর্যন্ত পুৰণ নকৰিলে ৷ শিক্ষা বিভাগে আমাৰ চাকৰি তিনি বছৰৰ ম্যাদ বৃদ্ধিৰ বাবে জাননী দিছে ৷ আমি তিনিবছৰৰ চাকৰিৰ বাবে যুঁজি থকা নাছিলো ৷ মূল্যবৃদ্ধিৰ দিনত আজি যিমানখিনি পাৰিতোষিক দিয়া হয় , সেইখিনিৰে পৰিয়াল পোহপাল দিব নোৱাৰি ৷ যদি মুখ্যমন্ত্ৰীৰ পৰিয়ালে ভাবে যে তেওঁলোকে ইমানখিনি পইচাত চলিব পাৰে, তেন্তে আমাৰ ক’বলগা একো নাই ৷
যদি শিক্ষামন্ত্ৰীয়ে ভাবে ইমানখিনি পাৰিতোষিকত এটা পৰিয়াল চলে তেনেহ’লে আমাৰ ক’বলগীয়া নাই ৷ কিন্তু তেওঁলোকে যদি নোৱাৰে ,অন্য শিক্ষকসকলে যদি নোৱাৰে আমি কেনেকৈপাৰিম ৷ এই কথাটো বিবেচনা কৰিব লাগে ৷ আমি চৰকাৰী সকলো কাম কৰো ৷ সেই কামৰ বাবে যদি আমি যোগ্য , তেনেহ’লে আমাৰ চাকৰিটো নিয়মীয়াকৰণ নকৰাৰ যুক্তি ক’ত ৷ তেওঁলোকে কিয় আৰঅ’পি মতে আমাক দৰমহা নিদিয়ে ৷ “
আনহাতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ভূমিকাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদীসকলে ৷ শিক্ষকগৰাকীয়ে সংবাদমাধ্যমৰ আগত কয় –“আমাৰো উপস্থিতি শিক্ষাসেতু এপত বাধ্যতামূলক কৰা হৈছে ৷ আমি কম্পিউটাৰ পঢ়োৱাৰ উপৰি অন্য বিষয়ৰো পাঠদান কৰি আহিছো ৷ ২০১৪ চনৰ পৰা কম্পিউটাৰ বিজ্ঞান পঢ়াই আহিছো ৷ শিক্ষামন্ত্ৰীয়ে সাক্ষাৎ কৰিলে আমাক কয় যে তোমালোক জংঘলত সোমালা ৷এই চাকৰি কৰিব নালাগিছিল ৷ তেনেহ;লে এই জংঘলৰ দৰে বিষয় কিয় বিদ্যালয়ত শিকাবলৈ দিছে ৷ আমি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে ৷ শিক্ষামন্ত্ৰীয়ে আমাক তুচ্চ্য তাচ্চিল্য কৰি আহিছে ৷ তেওঁ নিজেই নাজানে বিভাগ কেনেদৰে চলি আহিছে ৷ সেয়েহে আজি ক’লা দিৱস হিচাপে পালন কৰিছো ৷ ক’লা পোচাক পৰিধান কৰি প্ৰতিবাদ কৰিছো ৷“