VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কামপুৰত নগাঁও জিলা সাহিত্য সভাৰ সপ্তবিংশতিতম অধিবেশনৰ সামৰণি, উপাধি প্ৰদান

ঋতু পৰ্ণ শৰ্মা by ঋতু পৰ্ণ শৰ্মা
January 9, 2023
in মুখ্য সংবাদ
কামপুৰত নগাঁও জিলা সাহিত্য সভাৰ সপ্তবিংশতিতম অধিবেশনৰ সামৰণি, উপাধি প্ৰদান
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

অসম সাহিত্য সভাৰ অন্তৰ্ভূক্ত নগাঁও জিলা সাহিত্য সভাৰ সপ্তবিংশতিতম দ্বি বাৰ্ষিক পূৰ্ণাংগ অধিবেশনখনি কপিলী-নিশাৰী-বৰপানী নৈৰে পৰিবেষ্টিত, অপ্ৰমাদী কবি মাধৱ কন্দলীৰ লিখিত ৰামায়ণ চৰ্চাৰ পীঠস্থান ৰত্নাৱলী,বিষ্ণুপুৰী তথা মাধৱপাৰা থানৰ ধৰ্মীয় সুবাসেৰে ধন্য ঐতিহ্যমণ্ডিত কামপুৰত ৰবিবাৰে অনুষ্ঠিত হৈ যায় ।

কামপুৰ শাখা সাহিত্য সভাৰ আহ্বানত কামেশ্বৰ বৰঠাকুৰ মজলীয়া বিদ্যালয়ৰ প্ৰাঙ্গণত মনেশ্বৰ বৰা ক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত অধিবেশনখনি ৫০ খন পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে । অধিবেশনৰ মূল পতাকাখন উত্তোলন কৰে নগাঁও জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি থগিত মহন্তই । ইয়াৰ পাছতে কামপুৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হৰকান্ত নাথে শ্বহীদ তৰ্পণ কৰাৰ লগে লগে কামপুৰৰ লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী লাৱণ্য বৰঠাকুৰে ৫০ গছি বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী মুকলি কৰে । ইয়াৰ পাছতে অনুষ্ঠিত প্ৰতিনিধিৰ নাম পঞ্জীয়ন আৰু কামপুৰ শাখা সাহিত্য সভা ভৱনত অনুষ্ঠিত হয় প্ৰতিনিধি সভা ।

অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক মৃণাল কুমাৰ হাজৰিকাই প্ৰতিনিধি সভা উদ্বোধন কৰে । ইয়াৰ পাছতে স্বৰাজ ভৱন প্ৰাংগণত জিলা সাহিত্য সভাৰ বিদায়ী সভাপতি পৰাণ বৰুৱাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় । মুকলি সভাত হোজাই জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গুণেশ্বৰ শইকীয়া,মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকা,অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য অনুপ কুমাৰ বৰঠাকুৰ,মৰিগাঁও জিলা সাহিত্য সভাৰ সম্পাদক পিনাকী ভূসণ মহন্ত,হোজাই জিলা সাহিত্য সভাৰ সম্পাদক বিৰাজ বৰাকে ধৰি বহু কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে ।

এই অধিবেশনতে কামপুৰ শাখা সাহিত্য সভাৰ মুখপত্ৰ ‘কপিলী’ উন্মোচন কৰাৰ লগতে জিলাৰ দ্বাৰা প্ৰকাশিত কেইবাখনো গ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা,অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য আবুল খায়েৰ আহমেদ,নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰতিমোহন নাথ,নিত্যানন্দ বৰা,নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক উপেন চন্দ্ৰ বৰা,শৰৎ চন্দ্ৰ শইকীয়া আৰু যতীন্দ্ৰ নাথ সুতে ।

অধিবেশনৰ মুকলি সভাত গৱেষক পণ্ডিত ড॰ নৰেন কলিতাক ‘’তত্ত্ব প্ৰভাকৰ’’,চিন্তাশীল লেখক উপেন্দ্ৰ বৰকটকীক ‘’সাহিত্য প্ৰভাকৰ’’ আৰু সুবক্তা সুধাময় দাসক ‘’বাগ্মী প্ৰভাকৰ’’ উপাধি প্ৰদান কৰাৰ লগতে শোণিতপুৰৰ বিশিষ্ট গৱেষক তথা দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সতীশ চন্দ্ৰ ভট্টাচাৰ্যক ২০২০-২৩ বৰ্ষৰ তিলক চন্দ্ৰ শৰ্মা স্মাৰক ‘’ড॰ সূৰ্য কুমাৰ ভূঞা বঁটা’’ আৰু কলিয়াবৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট লেখক গুণীন হাজৰিকাক ‘‘নগাঁও জিলা সাহিত্য বঁটা’’ আগবঢ়োৱা হ’ব । সভাত চকলাঘাট শাখা সাহিত্য সভাক বিশেষ শাখাৰ বঁটা, উৰিয়াগাঁৱৰ তেলীয়া পহুকঁটাৰ কবি-সাহিত্যিক অমিয়া গোস্বামীক প্ৰেৰণা বঁটা আৰু শিল্পী ৰঞ্জন বেজবৰুৱাক সাধনা বঁটা প্ৰদান কৰা হয় ।

Previous Post

আহকছোন জানোঁ গেছৰ বাৰ্ণাৰ পৰিষ্কাৰ কৰাৰ কেইটামান কৌশল –

Next Post

সমগ্ৰ শিক্ষা অসম আৰু সুমঙ্গল ফাউণ্ডেচনৰ মাজত ডিব্ৰুগড় আৰু কামৰূপ মহানগৰ জিলাৰ দহখনকৈ বিদ্যালয়ত টিংকাৰিং লেৱ স্থাপনৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
সমগ্ৰ শিক্ষা অসম আৰু সুমঙ্গল ফাউণ্ডেচনৰ মাজত ডিব্ৰুগড় আৰু কামৰূপ মহানগৰ জিলাৰ দহখনকৈ বিদ্যালয়ত টিংকাৰিং লেৱ স্থাপনৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ

সমগ্ৰ শিক্ষা অসম আৰু সুমঙ্গল ফাউণ্ডেচনৰ মাজত ডিব্ৰুগড় আৰু কামৰূপ মহানগৰ জিলাৰ দহখনকৈ বিদ্যালয়ত টিংকাৰিং লেৱ স্থাপনৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7