অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অধীনত অসম জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগত জ্যেষ্ঠ নাগৰিক সন্থাৰ সহযোগত অনুষ্ঠিত হয় জ্যেষ্ঠ নাগৰিক সন্মিলন ৷গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত শুকুৰবাৰে অসমৰ জ্যেষ্ঠ নাগৰিকৰ দুদিনীয়া সন্মিলনৰ সামৰণি পৰে। যোৱা ২২ ফেব্ৰুৱাৰীত ৰাজ্যপাল গুলাব চন্দ কাটাৰিয়াই সন্মিলনখন উদ্বোধন কৰে ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৮০০ প্ৰতিনিধিয়ে সন্মিলনখনত অংশগ্ৰহণ কৰে । পৰিষদৰ অধ্যক্ষ ড০ প্ৰদীপ ঠাকুৰিয়াই আদৰণি ভাষণ প্ৰদান কৰে। উদ্বোধনী ভাষণত ৰাজ্যপাল কাটাৰিয়াই জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ প্ৰচেষ্টাক শলাগ লৈ বৃদ্ধ নাগৰিকৰ দক্ষতা আৰু জ্ঞানক ৰাজ্যৰ সামগ্ৰিক কল্যাণৰ বাবে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস এই কাৰ্যসূচীত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে।
উদ্বোধনী কাৰ্যসূচীত সামাজিক ন্যায় আৰু সবলীকৰণৰ আয়ুক্ত আৰু সম্পাদক ভি কে মিট্টাল , নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচার্য ড° সমুদ্ৰ গুপ্ত কাশ্যপ , সামাজিক ন্যায় আৰু সৱলীকৰণৰ সঞ্চালক ভাস্কৰ দাস , অসমৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ কাৰ্যকৰী সভাপতি উপস্থিত থাকে ৷
দ্বিতীয় দিনা অসমৰ জ্যেষ্ঠ নাগৰিকৰ বাবে ৰাজ্যিক নীতিৰ ওপৰত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷, য’ত জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উপ অধ্যক্ষ অশোক বৰঠাকুৰ, চৰকাৰী পেঞ্চনাৰ সন্থাৰ সভাপতি এছ আৰ শইকীয়া, অসমৰ স্বাধীনতা সংগ্ৰামী সন্থাৰ সম্পাদক দ্বিজেন্দ্ৰ মোহন শৰ্মা , জে বি কলেজৰ প্ৰাক্তন অধ্যক্ষ ড০ বিজয় শৰ্মাকে ধৰি বহুসংখ্যক লোক উপস্থিত থাকে।