ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ সৈতে মিত্ৰতা কৰি উপ নিৰ্বাচনত কংগ্ৰেছে প্ৰতিদ্বন্দিতা কৰিবলৈ দেখা সপোন সাৰ্থক হ’বনে? সেইয়া এই মুহুৰ্তৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈ পৰিছে। কিয়নো আসনক লৈ দলকেইটাৰ মাজত এতিয়াও মিলা নাই অংক। উজনি অসমৰ থাওৰা সমষ্টি এৰি দিবলৈ ৰাইজৰ দলে জনোৱা আহ্বানৰ সময়তে কংগ্ৰেছে আজি থাওৰাসহ তিনিটা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিছে। সেই অনুসৰি থাওৰা সমষ্টিৰ প্ৰাৰ্থী হ’ব মনোৰঞ্জন কোঁৱৰ। আন দুটা সমষ্টি ক্ৰমে তামুলপুৰত ভাস্কৰ দাহাল আৰু গোঁসাইগাওঁত জুৱেল তুডোয়ে প্ৰতিদ্বন্দিতা কৰিব। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভানেত্ৰী চোনিয়া গান্ধীৰ সন্মতিমৰ্মে এই সমষ্টিসমূহৰ প্ৰাৰ্থী ঘোষণা কৰা হৈছে। লক্ষণীয় যে কংগ্ৰেছে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক এখনকৈ আসন এৰি দিবলৈ সন্মতি প্ৰদান কৰিছিল। ইতিমধ্যে মাজুলী আসন অসম জাতীয় পৰিষদক এৰি দিছে কংগ্ৰেছে। আনহাতে ভৱানীপুৰ সমষ্টি ৰাইজৰ দলক এৰি দিবলৈ কংগ্ৰেছে আগ্রহ প্ৰকাশ কৰিছিল। ইয়াৰ বিপৰীতে ৰাইজৰ দলে থাওৰা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিবলৈহে অধিক আগ্ৰহ প্রকাশ কৰিছে। ইয়াৰ মাজতে কংগ্ৰেছ দলে থাওৰা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰাত স্বাভাৱিকভাবে অসুন্তুষ্টি প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি তথাশিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। যাৰ বাবে দুইটা আঞ্চলিক দলেৰে মিত্ৰতা কৰি উপ নিৰ্বাচনত অৱতীৰ্ণ হোৱা সপোন কংগ্ৰেছৰ পুৰা হ’বনে নহয় সেইয়া এতিয়াও অস্পষ্ট।