এখনৰ পাছত আন এখন ৰাজ্যৰ নির্বাচনত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈ অহা কংগ্ৰেছক লগ এৰা নাই দুর্দশাই ৷ দেশক অধিকাংশ সময় শাসন কৰা আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কার্যসূচীত এক অঘটন সংঘটিত হয় ৷ দিল্লীস্থিত মুখ্য কার্যালয়ত আয়োজিত অনুষ্ঠানৰ আৰম্ভনিতে পতাকা উত্তোলনৰ সময়ত জাতীয় কংগ্ৰেছৰ দলীয় পতাকাখন দণ্ডিৰ পৰা সোলকি পৰে দলটোৰ ৰাষ্ট্ৰীয় সভানেত্ৰী ছোনিয়া গান্ধীৰ হাতত ৷ অৱশ্যে গান্ধীয়ে দলৰ কোষাধ্যক্ষ পৱন বনচাল আৰু এআইচিচিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালৰ সৈতে দলীয় পতাকাখন হাতেৰেই প্ৰদৰ্শন কৰে। পৰৱর্তী সময়ত এজন কংগ্ৰেছ কর্মীয়ে খুটাত বগাই পতাকাখন উৰুৱাই দিয়ে ৷
অনুষ্ঠানত ভাষণ প্ৰদান কৰি গান্ধীয়ে দলীয় কর্মীসকলক সমর্পিত মনোভাৱেৰে কাম কৰি যাবলৈ তেওঁ আহ্বান জনায় ৷ আজিৰ অনুষ্ঠানত দলটোৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী, সাংসদ ৰাহুল গান্ধী, জ্যেষ্ঠ নেতা মল্লিকার্জুন খর্গেকে ধৰি দলীয় বিষয় ববীয়াসকল উপস্থিত থাকে ৷