কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰা মহিলা সংৰক্ষণ বিধেয়ক সমর্থন কৰিছে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ছোনিয়া গান্ধীয়ে। বুধবাৰে বিতৰ্কত অংশ লৈ তেওঁ বিধেয়কখনক সমৰ্থন কৰে। বিধেয়কখন কেতিয়া কাৰ্যকৰী হ’ব সেই প্ৰশ্নও উত্থাপন কৰে ছোনিয়া গান্ধীয়ে । তাৰোপৰি জাতি গণনাৰ দাবী উত্থাপন কৰি বিজেপিক অস্বস্তিত পেলাব বিচাৰিছে কংগ্ৰেছে ৷
পৌৰসভা প্ৰশাসন আৰু পঞ্চায়তত মহিলাৰ ব্যাপক অংশগ্ৰহণৰ আঁৰত স্বামী প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ অৱদানৰ কথা উল্লেখ কৰে ছোনিয়া গান্ধীয়ে । ৰাজীৱ গান্ধীৰ শাসনকালত স্থানীয় প্ৰশাসনত মহিলাৰ প্ৰতিনিধিত্ব সম্পৰ্কীয় বিধেয়কখন ৭টা ভোটত নাকচ কৰা হয়। পিছলৈ অৱশ্যে কংগ্ৰেছৰ আন এজন প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওৰ কাৰ্যকালত এই বিধেয়কখনে পুনৰ গতি লাভ কৰে । অৱশ্যে ৰাজীৱ গান্ধীক কৃতিত্ব দি ছোনিয়াই বুধবাৰে কয়, ‘এতিয়া সমগ্ৰ দেশতে স্থানীয় প্ৰশাসনত ডেৰ লাখ নিৰ্বাচিত মহিলা প্ৰতিনিধি আছে। ৰাজীৱ গান্ধীৰ সপোন আধা পূৰণ হ’ল। সংসদত এই বিধেয়ক গৃহীত হ’লে সেই সপোন বাস্তৱায়িত হ’ব।”
বিধেয়কখনক সমৰ্থন কৰি কংগ্ৰেছ সংসদীয় দলৰ মুৰব্বী ছোনিয়াই কয় – “ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ মই মহিলা সুৰক্ষা বিধেয়ক (নাৰীশক্তি বন্দন আইন ২০২৩)ক সমৰ্থন কৰো।” যদিও বিধেয়কখন গৃহীত হৈছে, তথাপিও কেতিয়া কাৰ্যকৰী হ’ব সেই লৈ বহু প্ৰশ্ন উত্থাপন হৈছে। প্ৰকাশিত বাতৰি অনুসৰি ২০২৭ চনৰ লোকপিয়ল প্ৰক্ৰিয়াৰ পিছতহে বিধেয়কখন কাৰ্যকৰী হোৱাৰ প্ৰস্তাৱ দিয়া হৈছে। সেই ক্ষেত্ৰত ২০২৯ চনৰ পূৰ্বে বিধেয়কখন কাৰ্যকৰী হোৱাৰ সম্ভাৱনা নাই বুলি সাংবিধানিক বিশেষজ্ঞৰ এটা অংশই প্ৰকাশ কৰিছে। মঙলবাৰে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয়, ‘এই বিধেয়কখন মোডী চৰকাৰৰ নিৰ্বাচনী চমকৰ বাহিৰে আন একো নহয়। কাৰণ, ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কোনো লোকপিয়ল আৰু পুনৰ জিলা গঠন নহ’ব।’ বিতৰ্কক আৰু অধিক ইন্ধন যোগাই ছোনিয়া গান্ধীয়ে কয়, ‘মহিলাসকলে ১৩ বছৰ অপেক্ষা কৰিবলগীয়া হৈছে। এতিয়া তেওঁলোকক আৰু কেইবছৰমান অপেক্ষা কৰিবলৈ কোৱা হৈছে। আৰু কিমান বছৰ? ভাৰতীয় নাৰীক এনে ব্যৱহাৰ কৰাটো উপযুক্ত নেকি?”
এই বিধেয়কখন শীঘ্ৰে কাৰ্যকৰী কৰাৰ বাবে দলৰ দাবীৰ উপৰি কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে জাতি গণনাৰো দাবী উত্থাপন কৰে। ছোনিয়াই অনুসূচিত জাতি (SCs), অনুসূচিত জনজাতি (ST)ৰ উপৰিও অন্যান্য পিছপৰা সম্প্ৰদায় (OBC)ৰ মহিলাসকলক সংৰক্ষণৰ অধীনত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায়। এই দিশত আৰজেডি, জেডি(ইউ)ৰ দৰে দলসমূহেও জাতি গণনাৰ দাবীত আগবাঢ়িছে। বিৰোধীৰ এটা অংশই অনুভৱ কৰিছে যে জনসংখ্যাৰ অনুপাত হিচাপে অ’বিচিৰ সংৰক্ষণ কম, যিটো সত্য নতুন লোকপিয়লে প্ৰমাণ কৰিলে বিজেপিক আৰু অধিক বিচলিত কৰিব। বিৰোধীক প্ৰতিহত কৰিবলৈ এইবাৰ মোডী চৰকাৰে শিক্ষা আৰু কৰ্মসংস্থাপনৰ সমান্তৰালকৈ বিধায়িনী দলত অ’বিচি সংৰক্ষণৰ বিধেয়ক উত্থাপন কৰিব পাৰে। ইয়াৰ পূৰ্বেও ছোনিয়াই নাৰী সুৰক্ষাৰ ক্ষেত্ৰত কংগ্ৰেছৰ আন্তৰিকতা আৰু পদক্ষেপক স্মৰণ কৰি জাতি গণনাৰ দাবী উত্থাপন কৰে।