লোকসভা নির্বাচনৰ পূর্বে আয়কৰ বিভাগ কংগ্রেছ আৰু ইয়াৰ সংযুক্ত সংস্থাসমূহৰ বিৰুদ্ধে তৎপৰ হৈ পৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ শুকুৰবাৰে দলীয় নেতা অজয় মাকেনে অভিযোগ কৰে যে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণত আয়কৰ বিভাগে যুৱ কংগ্ৰেছকে ধৰি বিভিন্ন শাখা সংগঠনৰ একাউণ্ট জব্দ কৰিছে।
শুকুৰবাৰে অজয় মাকেনে কয় যে লোকসভা নিৰ্বাচনৰ পূৰ্বে এনে ব্যৱস্থাৰ পৰিকল্পনা কৰা হৈছে। এই ঘটনা গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে এক জঘন্য আঘাত। যুৱ কংগ্ৰেছকে ধৰি শাখা সংগঠনসমূহক আয়কৰ ফাঁকিৰ বাবে সংশ্লিষ্ট বিভাগে ২১০ কোটি টকাৰ জৰিমনা দাবী কৰা বুলি অভিযোগ কৰে তেওঁ । এই বিষয়টো এতিয়া আয়কৰ আপীল ন্যায়াধিকৰণৰ সন্মুখত বিচাৰাধীন হৈ আছে। ইফালে আয়কৰ বিভাগে অবৈধ পদক্ষেপ গ্ৰহণ কৰিছে বুলিও তেওঁ অভিযোগ কৰে ৷
কংগ্ৰেছৰ সাংসদ-বিধায়কে দলৰ পুঁজিলৈ দিয়া ভাট্টাৰ অংশ ‘ফ্ৰ’জেন’ একাউণ্টত ৰখা হয় বুলি দাবী কৰে অজয়ে। তেওঁ কয় –‘ যিকোনো সাংসদ আৰু বিধায়কে কিমান টকা দিছে সেই সন্দৰ্ভত আমাৰ হাতত বিতং তথ্য আছে। সেই একাউণ্টটোও ফ্ৰীজ কৰা হৈছে ৷ দেশত এতিয়া গণতন্ত্ৰৰ অস্তিত্ব নাই। এটা দলৰ স্বৈৰাচাৰী শাসন চলিছে । মূল বিৰোধী দলৰ বিৰুদ্ধে চৰকাৰী সংস্থাক ব্যৱহাৰ কৰা হৈছে। আমি ন্যায়পালিকা, সংবাদ মাধ্যম আৰু জনসাধাৰণৰ পৰা ন্যায় বিচাৰিম।”
কংগ্ৰেছৰ অধিবক্তা কোষৰ নেতা বিবেক তংকাই অভিযোগ কৰিছে যে আয়কৰ বিভাগে সংশ্লিষ্ট বেংক কৰ্তৃপক্ষক তেওঁলোকৰ চাৰিটা একাউণ্ট ‘ফ্ৰীজ’ কৰি সকলো লেনদেন বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। ফলত লোকসভা নিৰ্বাচনৰ পূৰ্বে চান্দা গ্ৰহণ আৰু ব্যয়ৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে দলটো ৷ উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ডক ‘অসাংবিধানিক’ বুলি ঘোষণা কৰাৰ পিছত মোদী চৰকাৰে বিৰোধী দললৈ অনুদান বন্ধ কৰাৰ বাবে এই কৌশল গ্ৰহণ কৰা বুলি দাবী কৰে কংগ্ৰেছ নেতাৰ এটা অংশই।