সোমবাৰৰ পিছত মঙলবাৰেও উত্তপ্ত হৈ পৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ‘ভাৰত জোৰো ন্যায় যাত্ৰা’ । মঙলবাৰে ৫ হাজাৰ কংগ্ৰেছ কৰ্মী-সমৰ্থকক গুৱাহাটীত প্ৰৱেশ কৰাত আৰক্ষীয়ে বাধা প্ৰদান কৰাক লৈ খানাপাৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । আৰক্ষী আৰু কংগ্ৰেছ কৰ্মীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠীচালনা কৰিবলগীয়া হয় ৷
১৪ জানুৱাৰীৰ পৰা মণিপুৰৰ পৰা এই ‘ভাৰত জোৰো ন্যায় যাত্ৰা’ আৰম্ভ কৰিছিল ৰাহুলে। ইয়াৰ পিছত ১৮ জানুৱাৰীত নাগালেণ্ডৰ মাজেৰে অসমত প্ৰৱেশ কৰে এই যাত্ৰা। কিন্তু এই ‘ভাৰত জোৰো ন্যায় যাত্ৰা’ বিজেপি শাসিত অসমত প্ৰৱেশ কৰাৰ লগে লগে কংগ্ৰেছ বাধাৰ সন্মুখীন হৈছে। সোমবাৰে তেওঁক বটদ্ৰৱা থানত প্ৰৱেশ কৰাত বাধা আৰোপ কৰাৰ পাছত আজি গুৱাহাটীত প্ৰৱেশত বাধা দিয়ে ৷
মঙলবাৰে গুৱাহাটীত প্ৰৱেশ কৰিব পাৰে বুলিও ৰাজ্য প্ৰশাসনক তেওঁলোকক অৱগত কৰিছিল ৷ সেয়েহে গুৱাহাটীৰ গুৰুত্বপূৰ্ণ প্ৰৱেশদ্বাৰসমূহ আগতীয়াকৈ বেৰিকেড স্থাপন কৰা হয় ৷ সোমবাৰে পুৱা যেতিয়া ৫ হাজাৰৰো অধিক সমৰ্থকৰে গুৱাহাটীত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে বাধা দিয়ে ৷
গুৱাহাটীৰ ভিতৰৰে গুৰুত্বপূৰ্ণ পথত এই সমাৱেশৰ অনুমতি দিয়াৰ পৰিৱর্তে ৰেলী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নমণি অসম অভিমুখে লৈ যোৱাৰ পৰামৰ্শ দিয়া হৈছে। ৰাজধানীৰ ভিতৰৰ গুৰুত্বপূৰ্ণ পথত এই সমাৱেশৰ অনুমতি দিব নোৱাৰিব বুলি দাবী কৰিছে ৰাজ্য প্ৰশাসনে। এই ৰেলী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নমণি অসম অভিমুখে লৈ যোৱাৰ পৰামৰ্শ দিয়া হৈছে।