সংবিধান দিৱস উপলক্ষে আজি সংসদৰ চেন্ট্ৰেল হলত আয়োজন কৰা হয় বিশেষ কার্যসূচীৰ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেন্দ্ৰীয় মন্ত্ৰী আৰু বিৰোধী নেতাসকল উপস্থিত থকা এই গার্ম্ভী্যপূর্ণ অনুষ্ঠানত ভাষন প্ৰদান কৰি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কয় যে সংবিধানৰ শক্তিৰ বলতেই আগবাঢ়ি গৈছে দেশৰ বিকাশৰ যাত্ৰা ৷ এই প্ৰসংগত তেওঁ কয় “ ৭২ বছৰ পূর্বে সংবিধান ৰচেতাসকলে স্বাধীন ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ বাবে এই চেন্ট্ৰেল হলতে সংবিধান গ্ৰহণ কৰিছিল ৷মই বিশ্বাস কৰো যে সংবিধানৰ শক্তিৰ বলতেই আগবাঢ়ি গৈছে দেশৰ বিকাশৰ যাত্ৰা ৷” তদুপৰি ভাৰতীয় সংবিধানলৈ মহিলাৰ অৱদানৰ কথা উল্লেখ কৰি তেওঁ কয় যে আৰম্ভনিৰে পৰা দেশত কেবল মহিলাসকলক ভোটাধিকাৰ প্ৰদান কৰাই নহয়,সাংবিধানিক সভাসমূহৰ সদস্যৰ দায়িত্ব পালন কৰি আহিছে ৷সংবিধান প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো মহিলাসকলে সবল ভূমিকা পালন কৰিছিল ৷
ৰাষ্ট্ৰপতিৰ পূর্বে এই কার্যসূচীত ভা্ষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতৰ সংবিধান ৰচনা কৰাৰ বাবে কেইবাগৰাকী নেতাই অশেষ কষ্ট স্বীকাৰ কৰিছিল ৷ মোদীয়ে কয় “সংবিধান দিৱসৰ দিনটোত আমি এই সংসদক প্ৰণিপাত কৰিব লাগে য’ত ভাৰতৰ সংবিধান ৰচনা কৰাৰ বাবে কেইবাগৰাকী ব্যক্তিয়ে অশেষ কষ্ট স্বীকাৰ কৰি গৈছে ৷ জাতিৰ পিতা মহাত্মা গান্ধীৰ লগতে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বাবে আন্দোলন কৰা প্ৰতিগৰাকী ব্যক্তিলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো ৷” ভাষণ প্ৰসংগতে মোদীয়ে কয় যে ৰাজনৈতিক দলসমূহে গণতান্ত্ৰিক চৰিত্ৰ হেৰুৱাই পেলালে সাংবিধানৰ মর্যাদা হ্ৰাস পায় ৷ তেওঁ কয় “ সংবিধানৰ প্ৰতি আস্থা ৰখা ব্যক্তিসকলৰ বাবে পৰিয়ালতান্ত্ৰিক দলসমূহ শংকাৰ কাৰণ হৈ পৰিছে ৷যদি ৰাজনৈতিক দল এটা পৰিয়ালৰ প্ৰজন্মৰ পাছত প্ৰজন্মই পৰিচালনা কৰে , সেয়া গনতন্ত্ৰৰ প্ৰতি আটাইতকৈ ডাঙৰ সমস্যা ৷”