দীর্ঘদিনৰ বিৰতিৰ অন্তত পুনৰ মুকলি কৰা হৈছে পূণ্যধাম কেদাৰনাথৰ দুৱাৰ ৷ কিন্তু প্ৰচণ্ড তুষাৰপাতে কেদাৰলৈ যোৱাৰ পথত বাধাৰ সৃষ্টি কৰিছে। অবিৰত বৰষুণ আৰু প্ৰচণ্ড তুষাৰপাতে কেদাৰনাথ যাত্ৰাত ব্যাঘাত জন্মায়। তীৰ্থযাত্ৰীসকলক সতর্ক হ’বলৈ সকীয়াই দিছে প্ৰশাসনে। যাৰ বাবে কেদাৰনাথলৈ যাত্ৰাত বাধা প্ৰদান কৰা হৈছে ৷ বতৰ ভাল হ’লে তেওঁলোকে পুনৰ যাত্ৰা আৰম্ভ কৰিব পাৰে।
বতৰ বিজ্ঞান কেন্দ্ৰই বিগত কিছুদিন ধৰি হিমালয় আৰু কাষৰীয়া অঞ্চলত বৰষুণ আৰু তুষাৰপাতৰ সতৰ্কবাণী দিছিল। পৰৱৰ্তী ২ৰ পৰা ৩ দিনৰ বাবে কেদাৰনাথত বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে । এনে পৰিস্থিতিত তুষাৰপাতৰ মাজতে তীৰ্থযাত্ৰীসকলৰ যাত্ৰা স্তব্ধ হৈ পৰিছে। ৰুদ্ৰপ্ৰয়াগৰ জিলা দণ্ডাধীশ ময়ুৰ দীক্ষিতে তীৰ্থযাত্ৰীসকলক যাত্ৰা পিছুৱাই দিবলৈ অনুৰোধ জনাইছে। তেওঁ কয় যে বতৰ পুনৰ ভাল নোহোৱালৈকে যাত্ৰীসকলক প্ৰশাসনে য’ত আছে তাতেই ৰৈ থাকিবলৈ আহ্বান জনাইছে ।
বৰ্তমান কেদাৰনাথত ধাৰাবাহিকভাৱে বৰফ পৰি আছে। ইতিমধ্যে ৰাজপথত ৩ৰ পৰা ৪ ফুট বৰফ জমা হৈছে । পুৱা ১০:৩০ বজাৰ পিছত সোণপ্ৰয়াগৰ পৰা কেদাৰলৈ যোৱাৰ অনুমতি দিয়া হোৱা নাই। বন্ধ কৰি দিয়া হৈছে পথ। তীৰ্থযাত্ৰীৰ সুৰক্ষাৰ বাবে প্ৰশাসনে ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনে জাৰি কৰা নীতি-নিৰ্দেশনা মানি চলাটো বাঞ্ছনীয় বুলি প্ৰকাশ কৰিছে ।
২৫ এপ্ৰিলৰ পৰা আৰম্ভ হৈছিল কেদাৰনাথ যাত্ৰা। সেইদিনাও কেদাৰত বৰফ পৰাৰ বাবে উত্তৰাখণ্ড চৰকাৰে তীৰ্থযাত্ৰীৰ পঞ্জীয়নৰ বাবে আবেদন গ্ৰহণ কৰা বন্ধ কৰি দিছিল। বতৰ অলপ উন্নত হ’লে পুনৰ আৰম্ভ হ’ল কেদাৰ যাত্ৰা।
মৌচম ভৱনৰ মতে, এই সপ্তাহত বতৰৰ উন্নতিৰ কোনো সম্ভাৱনা নাই। অহা এসপ্তাহৰ বাবে এই যাত্ৰা স্থগিত ৰখাৰ সম্ভাৱনা আছে। এই জলবায়ুত স্থানীয় প্ৰশাসনেও তীৰ্থযাত্ৰীক চম্ভালিবলৈ সংগ্ৰাম কৰি আছে। সম্প্ৰতি এই যাত্ৰা কেতিয়া পুনৰ আৰম্ভ হ’ব সেয়া অনিশ্চিত।