কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সমূহৰ সুৰক্ষাৰ এইবাৰ পৰিবহন বিভাগে ল’লে এক বিশেষ ব্যৱস্থা ৷ স্বয়ংক্ৰিয় কেমেৰাৰ তীক্ষ্ণ নজৰত থাকিব কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথ। ৪০ কিলোমিটাৰতকৈ অধিক গতি বেগত গাড়ী চলালে চালকে ভৰিব লাগিব জৰিমনা। জানিব পৰা মতে এই অভিযোগত পাঁচ হাজাৰ টকালৈকে জৰিমনা বিহিব পৰে পৰিবহন বিভাগে। কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাৰ বাবে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যখনৰ পৰিবহন বিভাগটোৱে। উল্লেখযোগ্য যে উদ্যান খনৰ ৰাষ্ট্ৰীয় ঘাইপথত স্বয়ংক্ৰিয় কেমেৰাই নিৰীক্ষণ কৰিব আপোনাৰ গাড়ীৰ গতিবেগ। নিয়ম উলংঘা কৰিলেই ভৰিব লাগিব জৰিমনা।