তীব্ৰ প্ৰতিবাদ, আন্দোলন আৰু বিক্ষোভৰ মাজতে ইজৰাইলৰ সংসদত প্ৰথমে ন্যায়িক ব্যৱস্থাৰ সংস্কাৰৰ সৈতে জড়িত বিতৰ্কিত বিধেয়কখন উত্থাপন কৰা হয় ৷ যোৱা নিশা সংসদৰ ৬৪ জন সদস্যৰ ভিতৰত ৫৬ জন সদস্যই বিধেয়কখনৰ সপক্ষে ভোটদান কৰিছিল। তাৰ পিছৰে পৰা জেৰুজালেম, টেল আভিভ, ইজৰাইলৰ কেইবাখনো চহৰত প্ৰতিবাদৰ সূচনা হয়।
কালি নিশা একাংশ প্ৰতিবাদকাৰীয়ে বিধেয়কখন উত্থাপন কৰাৰ প্ৰতিবাদত সংসদ ভৱনত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে। গ্ৰেপ্তাৰ কৰি প্ৰতিবাদকাৰীসকলক তাৰ পৰা লৈ যোৱা হয়। ক্ষুব্ধ নাগৰিকে টেল আভিভ-জেৰুজালেম পথ অৱৰোধ কৰি টায়াৰ জ্বলাই দিয়ে। আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰি পৰিস্থিতি চম্ভালিব লগা হৈছিল। সেই অঞ্চলৰ পৰা কমেও ৪২ জন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।
যোৱা জানুৱাৰী মাহৰ পৰা আৰম্ভ হৈছিল এই বিতৰ্ক। যোৱা বছৰৰ ডিচেম্বৰ মাহত প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে পুনৰ প্ৰধানমন্ত্ৰীৰ আসনত বহিছিল। এইবাৰ তেওঁৰ চৰকাৰক সমৰ্থন কৰিছে একাংশ অতি সোঁপন্থী আৰু অতি ৰক্ষণশীল দলে। এনে সোঁপন্থী চৰকাৰ ইজৰাইলে কেতিয়াও দেখা নাছিল। সেই মিত্ৰজোঁট চৰকাৰে দেশখনত শাসন কৰিবলৈ আৰম্ভ কৰাৰ পিছত নেতানিয়াহুৱে ইজৰাইলৰ সমগ্ৰ ন্যায়িক ব্যৱস্থাটোক সংস্কাৰ কৰাৰ কথা ঘোষণা কৰে। তেতিয়া বিৰোধীয়ে অভিযোগ কৰে যে প্ৰকৃততে ন্যায়াধীশৰ ক্ষমতা হ্ৰাস কৰি শাসকীয় দলৰ মন্ত্ৰীসকলৰ ক্ষমতা বৃদ্ধিৰ বাবে সংস্কাৰ কৰা হৈছে। নতুন ব্যৱস্থাত ন্যায়পালিকাৰ কোনো মন্ত্ৰীৰ সিদ্ধান্তক সমালোচনা কৰাৰ অধিকাৰ নাথাকিব। বিৰোধীৰ সমান্তৰালকৈ দেশৰ সাধাৰণ জনতাইও প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। তেতিয়াৰ পৰাই দেশৰ সাধাৰণ জনতাই নিয়মিতভাৱে সপ্তাহৰ শেষৰ ফালে প্ৰতিবাদত অংশগ্ৰহণ কৰি আহিছে।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াক সমালোচনা কৰা হৈছিল ৷বন্ধুত্বপূৰ্ণ দেশ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনেও এই নতুন বিধেয়কখনক সমালোচনা কৰে। হেঁচাত পৰি নেতানিয়াহুৱে বিধেয়কখন উত্থাপন কৰাটো পিছুৱাই দিয়ে। কিন্তু তেওঁৰ মিত্ৰসকলে এই সংস্কাৰৰ বাবে হেচাঁ অব্যাহত থাকে ৷ আলোচনাৰ পথ মুকলি আছে বুলি বিধেয়কখন সংসদত উত্থাপন কৰে নেতানিয়াহুৱে।
বিৰোধীয়ে অৱশ্যে আৰু কয় যে দুৰ্নীতিৰ অভিযোগত অভিযুক্ত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বিৰুদ্ধে থকা গোচৰৰ পৰা মুক্তি পাবলৈ এই নতুন বিধেয়কখন উত্থাপন কৰিবলৈ চেষ্টা কৰিছে। কিন্তু কিছুদিন পূৰ্বে পশ্চিমীয়া সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নেতানিয়াহুৱে দাবী কৰিছিল যে নতুন সংস্কাৰৰ সৈতে তেওঁৰ বিৰুদ্ধে থকা গোচৰৰ কোনো সম্পৰ্ক নাই।