অতি শীঘ্ৰেই পশ্চিমবংগৰ পৰা পৃথক কৰা হ’ব কোচবিহাৰক ৷ শেহতীয়াকৈ এই কথা ঘোষণা কৰিলে কোচৰজা অনন্ত ৰায় মহাৰাজে ৷ জানিব পৰা মতে সোনকালেই কোচবিহাৰ হ’ব কেন্দ্ৰীয় শাসিত ৰাজ্য ৷ আনহাতে অসমৰ কেইবাখনো জিলা অন্তৰ্ভূক্ত হ’ব এই কোচবিহাৰ ৰাজ্যত ৷ ধুবুৰী,বঙাইগাঁও,চিৰাং,উত্তৰশালমাৰা আদি বহুকেইখন জিলা অন্তৰ্ভুক্ত হ’ব কেন্দ্ৰীয় শাসিত কোচবিহাৰ ৰাজ্যত ৷
২০২৪চনৰ অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ পূৰ্বেই কোচবিহাৰক কেন্দ্ৰীয় শাসিত ৰাজ্য হিচাপে ঘোষণা কৰা হ’ব ৷ কোচৰজা অনন্ত ৰায় মহাৰাজৰ মন্তব্যৰ পিছতেই এতিয়া সমগ্ৰ দেশতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷উল্লেখযোগ্য যে ১৯৫০চনতেই পশ্চিমবংগৰ সৈতে সংলগ্ন হৈছিল কোচবিহাৰ ৷