পাকিস্তানত এমাহত মুদ্ৰাস্ফীতিৰ হাৰ চাৰি শতাংশ বৃদ্ধি পালে। ২৭.৪ শতাংশৰ পৰা ৩১.৪ শতাংশলৈ বৃদ্ধি পাইছে এই হাৰ । পাকিস্তান চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা প্ৰতিবেদনত আগষ্ট আৰু ছেপ্টেম্বৰৰ তুলনামূলক পৰিসংখ্যা দাঙি ধৰি এই কথা মানি কোৱা হৈছে। প্ৰতিবেদনত কোৱা হৈছে যে ছেপ্টেম্বৰ মাহত ৰন্ধন গেছৰ চিলিণ্ডাৰ ৩০৭৯ টকাত বিক্ৰী হৈছিল ৷
আৰ্থিক সংকটৰ সৈতে মোকাবিলা কৰিবলৈ পাকিস্তানৰ কেয়াৰটেকাৰ চৰকাৰে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ৰ পৰা ৩ বিলিয়ন ডলাৰ (প্ৰায় ২৫ হাজাৰ কোটি টকা) ঋণৰ বাবে আবেদন জনাইছে। কিন্তু একাংশ অৰ্থনীতিবিদৰ মতে বৈদেশিক মুদ্ৰাৰ মজুত বৃদ্ধি পোৱাৰ লগে লগে ইছলামবাদৰ বাবে ঋণ পৰিশোধ কৰাটো কাৰ্যতঃ অসম্ভৱ হৈ পৰিব। এনে পৰিস্থিতিত এই প্ৰতিবেদনে আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তান চৰকাৰক বিপদত পেলাব বুলি ধাৰণা কৰা হৈছে।
দীৰ্ঘদিন ধৰি বিত্তীয় সংকটত ভুগি থকা পাকিস্তানে যোৱা বছৰ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ পৰা ৬০ কোটি ডলাৰৰ ঋণ লাভ কৰিছিল। ২০২২ চনৰ আগষ্ট মাহত আই এম এফে ইছলামবাদক বৃহৎ ঋণ দিছিল। কিন্তু এই আমেৰিকান সংগঠনটোৱে শেহতীয়াকৈ পাকিস্তানক স্পষ্টকৈ জনাইছে যে তেওঁলোকে দিয়া চৰ্ত পূৰণ নকৰিলে কোনো নতুন ঋণ দিয়া নহ’ব। এই পৰিস্থিতিত পাকিস্তানৰ বিত্ত মন্ত্ৰালয়ৰ প্ৰতিবেদনত অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ কোনো আশা প্ৰকাশ কৰা নাছিল। পূৰ্বাভাস অনুসৰি অক্টোবৰ মাহত মুদ্ৰাস্ফীতি ২৯ৰ পৰা ৩১ শতাংশৰ ভিতৰত হ’ব পাৰে।